অসম

বকোত বনৰীয়া হাতীৰ সন্ত্ৰাস..

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ এটা বনৰীয়া হাতীৰ জাকে আতংকৰ সৃষ্টি কৰিছে বকোৰ বিভিন্ন অঞ্চলত। কামৰূপ জিলাৰ বকো পালাহপাৰাগাঁৱত প্ৰথমে সন্ত্ৰাস চলোৱা পাছত এৃই বনৰীয়া হাতীৰ জাকটো সম্প্ৰতি ৰাজাপাৰাগাঁৱৰ দিশে আছি বুলি জানিব পৰা গৈছে।

ছয়-সাতটা পোৱালিসহ ২৫টাৰো অধিক বনৰীয়া হাতীৰ এই জাকটোৱে কিছুদিনৰ পূৰ্বে পালাহপাৰা গাঁৱৰ খেতিপথাৰত উপদ্ৰপ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছতে হাতীৰ জাকটোৱে বকোৰ ৰাজাপাৰা জংঘলত আশ্ৰয় গ্ৰহণ কৰিছে। অৱশ্যে হাতীৰ জাকটোৱে এই অঞ্চলত এতিয়ালৈকে খেতিপথাৰৰ অনিষ্ট কৰা নাই। লগতে হাতীৰ জাকটোৱে মানুহৰ ঘৰ-দুৱাৰৰো ক্ষতি কৰা নাই বুলি ৰাইজে জানিবলৈ দিছে।বিগত তিনিদিন ধৰি বনৰীয়া হাতীৰ জাকটো ৰাজাপাৰাগাঁৱৰ শিৱমন্দিৰৰ কাষত থকা ৰাইজে যোৱা নিশালৈ দেখা পাইছে বুলি জানিব পৰা গৈছে।