অসম

মাকুম পথাৰত বনহস্তীৰ তাণ্ডৱ : লণ্ডভণ্ড কৰিলে বাসগৃহ, এজন লোক আহত…

asomiyapratidin

ডিজিটেল সংবাদ মাৰ্ঘৰিটাঃ পুনৰ  মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে মহেশ প্ৰজা নামৰ লোকজনৰ ঘৰ আৰু ভঁ‌ৰাল লণ্ডভণ্ড কৰে। উল্লেখ্য যে, দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই আহি দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে যদিও স্থানীয় বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে হাতীৰ এই আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুটিকৈ শিশুৰ। ইপিনে হাতীলৈ বুলি জুই দলিয়াওতে বাঁ‌হৰ চুঙাত থকা ডিজেল এজন লোকৰ পিঠিত পৰি অগ্নিদগ্ধ হয়। লোকজনৰ অৱস্থা সংকট জনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।  ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে।