অসম

বাক্সাৰ বগামাটিত বন্যহস্তীৰ আক্ৰমণত ২জন আহত

asomiyapratidin

ডিজিটেল সংবাদ, গোৰেশ্বৰঃ বাক্সা জিলাৰ বগামাটিত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত। মঙলবাৰে নিশাৰ ভাগত অঞ্চলটোত বনৰীয়া হাতীৰ জাক এটাই প্ৰৱেশ কৰি স্থানীয় লোকসকলৰ মাজত সন্ত্ৰাস সৃষ্টি কৰে।

খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে দুটাকৈ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে দুজন লোকক আক্ৰমণ কৰে। নিশা প্ৰায় ২ বজাত সংঘটিত এই ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়।

ইয়াৰে চন্দ্ৰ স্বৰ্গীয়াৰী নামৰ লোকজনক নিশাই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অনা হয়। উল্লেখ্য যে, বিগত কেবাদিনো ধৰি অঞ্চলটোত হাতীৰ জাক এটাই নিশাৰ ভাগত অঞ্চলটোৰ লোকসকলৰ নিদ্ৰা হৰণ কৰি আহিছে।