প্ৰতীকি ফটো
প্ৰতীকি ফটো 
অসম

হাতীৰ গছকত নন্দেশ্বৰ গগৈৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপ-- জয়পুৰ আঞ্চলিক বন কাৰ্যলয়ৰ অধীনতৰ নামৰূপ খণ্ড বন কাৰ্যলয়ৰ অন্তৰ্গত  দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । শুকুৰবাৰে নিশা নামৰূপৰ পানীচকুৱা বন গাঁৱত দুটাকৈ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে। তাৰ পাছত শনিবাৰে নিশা  অভয়পুৰ গাঁৱৰ  দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে নন্দেশ্বৰ গগৈ (৫০) নামৰ এজন ব্যক্তিক বনৰীয়া হাতীয়ে গছকি হত্যা কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে বজাৰ কৰি উভতি যোৱাৰ পথত নিশা প্ৰায় ১০ বজাত বনৰীয়া হাতেৰে মুখামুখি হয়  তিনিটা সন্তানৰ পিতৃ নন্দেশ্বৰ গগৈ।  পলাবলৈ চেষ্টা কৰে যদিও অৱশেষত বনৰীয়া হাতীৰ কবলত পৰে ব্যক্তি জন।  নন্দেশ্বৰ গগৈক  হাতীয়ে চোঁচৰাই, এচাৰি  গছকি ফেনেকি অতি নিৰ্মম ভাৱে  হত্যা কৰে।

নিশাই  স্থানীয় লোকে  ঘটনা সন্দৰ্ভত  স্থানীয় বন বিভাগক খবৰ দিয়ে যদিও  কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত  বন বিভাগ আৰু আৰক্ষীৰ ওপৰটো ক্ষুব্ধ হৈ পৰে ৰাইজ।  পৰিণতিত উত্তেজিত ৰাইজে  পুৱা  মৃত দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ ক্ষেত্ৰটো বাধা প্ৰদান কৰে। 

অৱশেষত নামৰূপ আৰক্ষীৰ হস্তক্ষেপত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা  মহাবিদ্যালয় লৈ প্ৰেৰণ  কৰে।   ক্ষুব্ধ ৰাইজে মৃতকৰ পৰিয়ালক  ক্ষতি পূৰণ দিবলৈ তীব্ৰ দাবী তোলে।  লগতে সঘনাই হাতীয়ে উপদ্ৰপ চলোৱা উক্ত অঞ্চলত বন  বিভাগক চোকা পহৰাৰ  ব্যৱস্থা কৰিবলৈও দাবী তোলে। আনহাতে এনে স্পৰ্শকাতৰ অঞ্চল সমূহত  চৰকাৰে কোনো পোহৰৰ ব্যৱস্থা নকৰাৰ বাবে উত্তেজিত ৰাইজে সংশ্লিষ্ট বিভাগ আৰু চৰকাৰক গৰিহণা দিয়ে। উল্লেখৰ প্ৰয়োজনযে  কিছুদিনৰ পূৰ্বেও জয়পুৰ আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত কমাৰগাঁওৰ

হৰকান্ত সোনোৱাল নামৰ (৫৯ ) এজন ব্যক্তি   নিশা  বনৰীয়াহাতীয়ে আক্ৰমন কৰি গুৰুত্বৰ ভাবে আঁহত   কৰিছিল।  কঁকালত আঘাট পোৱা  ব্যক্তি জন আজি পৰ্যন্ত  ডিব্ৰুগড়   চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।  আনহাতে নামৰূপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত  নামৰূপ থাৰমেল, দিল্লী ঘাট, চাইক্য গাঁও,  পানিচকুৱা বন গাঁৱত  প্ৰায় দুমাহৰ ভিতৰত মুঠ নটা ঘৰ ভাঙি লণ্ড ভণ্ডৰ  কৰাৰ লগতে অভয়পুৰ, কছাৰী পথাৰ, আদি গাঁৱৰ শ শ বিঘা  কৃষি   ভূমি হাতীয়ে গছকি    নষ্ট কৰে। 

হাতীৰ উৎপাতৰ ফলত ৰাইজে  বহু মাটিতে খেতি নকৰাকৈ  পেলাই থৈছে।  ইয়াৰ পিছতো বন বিভাগে নিয়মীয়া  তসলদাৰী ব্যৱস্থা নকৰি,  ৰাইজক টাৰ্ছ লাইট , ফটকা অতচবাজি যোগান নধৰি  হাত সাৱটি বহি থাকি  ৰাইজক আওমৰণে মৰিবলৈ  এৰি দিয়াত অসহায় বোধ কৰিছে বুলি মন্তব্য কৰে।