- বুধবাৰে মহানগৰীৰ জু-ৰোডত বিস্ফোৰণৰ ঘটনাৰ পিছতে কূটাঘাতকাৰীক বিচাৰি আৰক্ষীৰ অভিযান।
- বৃহস্পতিবাৰে পুৱা ৪ বজাৰ পৰা মহানগৰ আৰক্ষীয়ে অভিযান চলালে পাঞ্জাবাৰীৰ এটা ঘৰত।
- পাঞ্জাবাৰীৰ নামঘৰ পথৰ মছজিদ গলিৰ ১০নং ঘৰত অভিযান আৰক্ষীৰ।
- আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ৯ এম এম পিষ্টল।
- ইফালে পিষ্টলৰ লগতে ভালেসংখ্যক আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে।
- ২৫ জাঁই সজীৱ গুলীও জব্দ কৰিছে আৰক্ষীয়ে।
- পাঞ্জাবাৰীৰ বিশেষ ঘৰটোৰ পৰাই গ্ৰেনেড বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ।
- উল্লেখ্য যে, ১০ দিন আগত ঘৰটো ভাৰালৈ লৈছিল জনৈক জাহ্নৱী নামৰ এগৰাকী মহিলাই।
- ঘৰটোত জাহ্নৱীৰ সৈতে আছিল আন এগৰাকী যুৱতী।
- জানিব পৰা মতে, যুৱতীগৰাকী জাহ্নৱী নামৰ মহিলাগৰাকীৰ বন কৰা ছোৱালী।
- ইফালে সেই ঘৰটোলৈ প্ৰায়ে আহি থাকে শান্তি আলোচনাত থকা এগৰাকী আলফা।
- শান্তি আলোচনাত থকা আলফা প্ৰাণময় ৰাজগুৰু প্ৰায়ে আহি থাকে ঘৰটোলৈ।
- ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
- আৰক্ষীৰ মতে, 'ঘটনাক লৈ গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ।'
- ঘটনাত চাইনীজ গ্ৰেনেড ব্যৱহাৰ হোৱাৰ কথা প্ৰকাশ আৰক্ষীৰ।