অসম

এসপ্তাহে ক’ত আছে নগাঁৱৰ প্ৰিয়ংকা

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ ২০ জানুৱাৰীৰ পুৱা প্ৰায় ৯বজাত ঘৰৰ পৰা গাঁৱলৈ বুলি গৈ নগাঁও জিলাৰ ৰাঙলু কণ্ডলীৰ এগৰাকী যুৱতী সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। ইতিমধ্যে সেই ঘটনাই কেইবাদিনো অতীক্ৰম কৰিছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান ওলোৱা নাই প্রিয়ংকা বর্মণ নামৰ যুৱতী গৰাকী।

ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত প্রিয়ংকা বর্মণে হাতত এটা ম'বাইল ফোন লৈ যায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। অতি তাৎপয্যপূর্ণ বিষয় যে, প্রিয়ংকা বর্মণক পৰিয়ালৰ লোকে ফোনত যোগাযোগ কৰিব বিচৰাত সংযোগ বিচ্ছিন্ন কৰি ৰখাইছে বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত পৰিয়া‌লৰ লোকে ৰাঙলু আৰক্ষী চকীত এখন এজাৰ দাখিল কৰিছে। প্রিয়ংকা বর্মণে প্ৰকৃততে প্রেমজনিত কাৰণত আত্মগোপন কৰি আছেনে সন্ধানহীন হৈ আছে সেইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।