অসম

পশ্চিম নলবাৰীত ছাত্ৰ সন্থাৰ কেবৰ বিৰুদ্ধে চাইকেল ৰেলী…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ "কেব আমি নামানো", সৰ্বা-মোডী হায় হায়, বিজেপি হায় হায়, কেব বাতিল কৰিবই লাগিব, চন্দ্ৰমোহন পাটোৱাৰী হুচিয়াৰ, অসম চুক্তি ৰূপায়ন কৰক, বাংলাদেশী হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগানেৰে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ নলবাৰী ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম নলবাৰী ছাত্ৰ সন্থাৰ দুই শতাধিক প্ৰতিনিধিয়ে বুধবাৰে কেব বিৰোধী প্ৰতিবাদেৰে উত্তাল কৰি তোলে পশ্চিম নলবাৰী।

সমদলৰ আৰম্ভণিত চামতা বালি পথাৰত প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলৰ আগত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাসহ সম্পাদক নিৰুজউদ্দিন আহমেদ, মুখ্য সাংগঠনিক সম্পাদক দিগন্ত ভৰালীয়ে কেব বিৰোধী বক্তব্য আগবঢ়াই বুলি আঞ্চলিকৰ সম্পাদক প্ৰাঞ্জল বৰ্মনে জানিব দিয়ে। কেব বিৰোধী চাইকেল সমদলটো চামতা মটৰ ষ্টেণ্ড হৈ ককয়া,বেলশৰ,বিহামপুৰ আদি অঞ্চলত প্ৰতিবাদ সাব্যাস্ত কৰে।আনহাতে মধুপুৰ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগতো "কেব"ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কৈঠালকুছি চ'কত এক প্ৰতিবাদী পথ সভা অনুষ্ঠিত কৰে।