অসম

পশ্চিম ঢেকিয়াজুলী আঞ্চলিক আছুৰ প্ৰশংসনীয় পদক্ষেপ…

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাং: "মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে,অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা" এই মানসিকতাৰে আৰ্তজনক সহায় কৰিবলৈ ওলাই আহিল পশ্চিম ঢেকিয়াজুলী আঞ্চলিক ছাত্ৰ, মাজ ৰৌমাৰি শাখা ছাত্ৰ সন্থাৰ লগতে সু-হৃদ ৰাইজ। যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম ঢেকিয়াজুলী অঞ্চলৰ মাজ ৰৌমাৰি গাঁৱৰ সাংস্কৃতিক কৰ্মী অৰুন নাথৰ পুত্ৰ পল নাথ এক পথ দুৰ্ঘটনাত আহত হৈ গুৱাহাটী স্থিত GNRC হস্পিতালৰ ICU ত চিকিৎসাধীন হৈ আছে।

সাংস্কৃতিক তথা সমাজকৰ্মী অৰুণ নাথৰ পুত্ৰ পল নাথৰ চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন। পুত্ৰৰ চিকিৎসাৰ বাবে হোৱা অৰ্থৰ অভাব দেখি আগবাঢ়ি আহিল পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বহু সু-হৃদ ব্যক্তি। পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাধ্য অনুসৰি সকলোৱে দান-বৰঙণি তুলি বৄহস্পতিবাৰে দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত পল নাথৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰি অৰুণ নাথৰ পুত্ৰ হাতত নগদ ১১০০০(এঘাৰ হেজাৰ ) টকা প্ৰদান কৰে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে।

যিসকল সু-হৃদ লোকে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত সাধ্য অনুসৰি আৰ্থিক সাহায্য আগবঢ়াই বিশেষভাৱে সহায়-সহযোগিতা কৰিলে সেইসকলৰ ব্যক্তিৰ ওচৰত সদায় ঋণী হৈ ৰোৱাৰ লগতে তেওঁলোকক পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ, মাজৰৌমাৰী শাখা ছাত্ৰ সন্থাৰ লগতে অৰুন নাথৰ পৰিয়াল বৰ্গৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰ্থিক সাহাৰ্য আগবঢ়োৱা সকলোকে দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য‌ৰ কামনা কৰিলে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অনঙ্গ মোহন দাসে। পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ এই অতুলনীয় তথা প্ৰশংসনীয় পদক্ষেপক সকলোৱে শলাগ লৈছে।