অসম

বকোত সপ্তাহজোৰা মহিলাৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ কৰ্মশালা

asomiyapratidin

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বকো জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে সপ্তাহজোৰা মহিলাৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ কৰ্মশালা । আই কিউ এ চি আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত আজি আৰম্ভ কৰা মহিলাৰ আত্মৰক্ষা কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াইছে ৰাষ্ট্ৰীয় প্ৰশিক্ষক ফ্ৰান্সিচ বড়ো আৰু ভাগ্যৰাম ৰাভাই ।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ তপন দত্তই কৰ্মশালাখন মুকলি কৰে । বিয়লি ২বজাৰ পৰা ৪ বজালৈকে হ'ব লগা প্ৰশিক্ষণৰ অন্তত প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব । বৃহস্পতিবাৰে প্ৰথম দিনাই ৪০গৰাকীয়ে কৰ্মশালত অংশ গ্ৰহণ কৰে । লগতে মহাবিদ্যালয়খনৰ নৃ-তত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মহানন্দ দাস , অধ্যাপক ড৹ধীৰাজ দাস আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে ।