অসম

ভোটাৰ কাৰ্ড ভেৰিফিকেচন কৰিলেনে? ভাৰতীয় নিৰ্বাচন আয়োগে আনিছে সুখবৰ, পঢ়ক সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰ্বাচন আয়োগে আনিছে এক ভাল খবৰ। যদিহে আপুনি এতিয়াও কৰা নাই ভোটাৰ কাৰ্ড ভেৰিফিকেচন, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। ভাৰতীয় নিৰ্বাচন আয়োগে আপোনালৈ আনিছে সুবৰ্ণ সুযোগ। ১৮ নৱেম্বৰৰ লৈকে বৃদ্ধি কৰা হৈছে সময়সূচী। ভেৰিফিকেচনৰ কাৰ্যত জনসাধাৰণৰ হাৰাশাস্তিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে।

ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচনৰ বাবে অন্তিম সময় পূৰ্বৰ ১৫ অক্টোবৰৰ সলনি ১৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই সংক্ৰান্তত জাৰি কৰা হৈছে এখন জাননীও। নিৰ্বাচন আয়োগৰ জাননীখনত প্ৰকাশ কৰা অনুসৰি ৩১ অক্টোবৰৰ লৈকে দিল্লীত আৰু ১৮ নৱেম্বৰৰ লৈকে বাকী ৰাজ্যসমূহত এই দিন বৃদ্ধি কৰা হৈছে।