অসম

ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াত ঘিলামৰা উন্নয়ন খণ্ড ভিত্তিক ভলীবল প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলাৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অন্তৰ্গত লখিমপুৰ জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু বেবেজীয়া মাজগাঁও জ্যোতি সন্ধানী যুৱক সংঘৰ সহযোগত শনিবাৰে পুৱা ১১ বজাৰ পৰা ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনস্থ বেবেজীয়া এম ভি স্কুলৰ খেল পথাৰত এখনি প্ৰতিযোগিতা মূলক ভলীবল খেল অনুষ্ঠিত হৈ যায়।

খেলখনি উদ্ধোধন কৰি যুৱ সমাজকৰ্মী বিকোদৰ দাসে কয় যে " এই অঞ্চলত বহুতো প্ৰতিভাৱান খেলুৱৈ লুকাই আছে। ইয়াৰ জৰিয়তে নিজকে যোগ্য কৰি তোলাৰ লগতে ভবিষ্যতে উন্নতি সাধন কৰিব পাৰিব" । ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈৰ দলকে শেষত নেহৰু যুৱ কেন্দ্ৰৰ পৰা ভলীবল, নেট, ফুটবল, বেডমিণ্টন, প্ৰাইজমানি পুৰস্কাৰ লগতে প্ৰমাণ পত্ৰ দিয়া হয়।

উক্ত খেলতখনত বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায় ক্ৰমে উদজ্বল দাস, অমৃত শইকীয়া, মনোজ চুতীয়া, প্ৰেমধৰ মিলি, সত্ৰাজিৎ বৰুৱা, হিচাপ পৰিদৰ্শক ৰূপমজ্যোতি চেতিয়া,গৌতম ভূঞা, সব্যসাচী শইকীয়া, ঋতুপন শইকীয়া, ইন্দ্ৰ দাসে।