অসম

ভিজন অসম ,মিচন অসম কেলেংকাৰীৰ অভিযোগ নামা দাখিল…

asomiyapratidin

ডিজিটেল ডেস্ক : কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসন কালৰ অন্তিমটো কাৰ্যকালত ৰাজ্যৰ জনসংযোগ বিভাগত সংঘটিত ৩০ কোটিটকীয়া ভিজন অসম মিছন অসম কেলেংকাৰীৰ বৃহস্পতি বাৰে অভিযোগ নামা দাখিল কৰে ।অভিযোগ নামা দাখিল কৰে মুখ্যমন্ত্ৰী ভিজিলেণ্সে ।

দিছপুৰৰ বিধায়ক অতুল বৰাৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেণ্স গোটে এই কেলেংকাৰী সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল।১১৫ পৃষ্ঠাক এই অভিযোগ নামাত ৫ জনৰ অভিযুক্ত কৰা হয় ।

জনসংযোগৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈক মুখ্য অভিযুক্ত কৰাৰ লগতে ব্ৰহ্মপুত্ৰ টেলিভিশ্যনৰ ৰাজীৱ বৰা অঞ্জনা বৰা ডেল্টা পাব্লিছিটিৰ দিলীপ কলিতাক আৰু প্ৰদীপ এডৰ্ভাটাইজিঙৰ অপূৰ্ব লহকৰক অভিযুক্ত কৰা হৈছে ।

এই আচনিৰ বাবে ধাৰ্য কৰা হৈছিল ৩৪.২ কোটি টকা।তথ্য আৰু জনসংযোগ বিভাগে দাখিল কৰিছিল প্ৰাককলন ।আচনি খনৰ জৰিয়তে গগৈ চৰকাৰৰ আচনি সমূহ প্ৰচাৰৰ লগতে বিদ্যুতিক মাধ্যমতো বিজ্ঞাপন ৰূপে প্ৰচাৰৰ কৰাৰ কাৰ্যসূচী লোৱা হৈছিল ।

মুখ্যমন্ত্ৰী বিশেষ ভিজিলেণ্সৰ উপ আৰক্ষী অধীক্ষক আৰু গোচৰটোৰ তদন্তকাৰীন বিষয়া মৃনাল শৰ্মাই দাখিল কৰা অভিযোগ নামাত ৩০ কোটি টকীয়া এই কেলংকাৰীৰ বহু তথ্য সন্নিবিষ্ট কৰে ।