অসম

পুৰণ নহ’ল অসমবাসীৰ আশা, অস্কাৰৰ পৰৱৰ্তী ৰাউণ্ডত নাপালে ‘ভিলেজ ৰকষ্টাৰ্ছে’ স্থান

asomiyapratidin

ডিজিটেল ডেস্কঃ পুৰণ নহ'ল অসমবাসীৰ আশা। কিয়নো অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰা অসম কন্যা ৰীমা দাসৰ ছবি 'ভিলেজ ৰকষ্টাৰ্ছে' নাপালে উক্ত শিতানৰ পৰৱৰ্তী ৰাউণ্ডত স্থান। ছবিখনে অস্কাৰ বুটলিবলৈ সক্ষম হ'ব বুলি অসমবাসীৰ লগতে দেশবাসীয়ে আশা কৰি আছিল যদিও, সোমবাৰে একাডেমী অৱ মোশ্যন পিক্সাৰ আৰ্টছ এণ্ড ছায়েন্সে উক্ত শিতানৰ পৰৱৰ্তী ৰাউণ্ডত স্থান প্ৰদান নকৰিলে 'ভিলেজ ৰকষ্টাৰ্ছ'ক।

ভিলেজ ৰকষ্টাৰ্ছে অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰ শিতানত মনোনীত হোৱাৰ পিছত দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত বহু সন্মান লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণ কমল বুটলিবলৈ সক্ষম হোৱাৰ লগতে অন্যান্য বহু ধৰণৰ শিতানত বঁটা লাভ কৰিছিল। কিন্তু ৰিমা দাসৰ অস্কাৰ বঁটা লাভ কৰাৰ সপোন অন্ত পৰিল ইমানতেই।

উল্লেখ্য যে, সকলোতে সমাদৃত ভিলেজ ৰকষ্টাৰ্ছে অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে ফিল্ম ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ এছ ভি ৰাজেন্দ্ৰ সিং বাবুৱে কয়- 'ভাৰতৰ বহু ছবি অস্কাৰলৈ মনোনীত হয় যদিও, তেওঁলোকৰ কিছু নিজা নিয়ম আৰু দৃষ্টিকোণ আছে যাৰ বাবে আমাৰ চিনেমাবোৰ অবিবেচিত হয়।'

এছ বি ৰাজেন্দ্ৰ সিং বাবুৱে লগতে কয়- 'যেতিয়া এখন ছবি অস্কাৰলৈ মনোনীত হয় তেতিয়া প্ৰ'ম'শ্যন তথা একাডেমীৰ সদস্যসকলক দেখুওৱাৰ নামত প্ৰায় ২ কোটিমান টকাৰ প্ৰয়োজন হয়। অস্কাৰৰ বাবে বিভিন্ন পন্থা ল'বলগীয়া হয় কিন্তু আমাৰ চিনেমাই সেইবোৰ কাৰণতেই দেখা পোৱা যায় বিফল হোৱা।'