অসম

দক্ষিণ শালমাৰাত আয়ৰ প্ৰমাণ পত্ৰৰ নামত শিক্ষাৰ্থীৰ পৰা গাঁও প্ৰধানৰ ধন সংগ্ৰহৰ ভিডিঅ’ ভাইৰেল…

asomiyapratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাত এইবাৰ এগৰাকী গাঁওপ্ৰধানে শিক্ষাৰ্থীৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গোপন ভিডিঅ' পোহৰলৈ আহিছে। দক্ষিণ শালমাৰাৰ ৰাজাবালা ভালুককান্ধিৰ গাঁও প্ৰধান শ্বাহজামাল সৰকাৰৰ এই ধন সংগ্ৰহৰ ভিডিঅ' ভাইৰেল হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকক যিকোনো প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। জিলা কৃষক মুক্তিৰ দাবী, গাঁও প্ৰধান জনক গ্ৰেপ্তাৰ কৰিব লাগে।

ইতিমধ্যে গাঁও প্ৰধান জনৰ ভিডিঅ' ভাইৰেল হোৱাত স্পষ্ট হৈছে গাঁও প্ৰধান জনে ধন সংগ্ৰহৰ বিষয়টো। তেওঁ স্পষ্টকৈ কয়, আপোনালোকS মোৰ বিৰুদ্ধে জিলা উপায়ুক্তক অভিযোগ দিয়ক। তথাপিও মই টকা লম। মই টকা লোৱাটো উপায়ুক্ত আৰু দক্ষিণ শালমাৰাৰ চক্ৰ বিষয়া জন অৱগত।

প্ৰশ্ন হয় জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ নাম লৈ শিক্ষাৰ্থীৰ পৰা গাঁও প্ৰধান জনে ধন সংগ্ৰহ কৰাৰ সাহস কেনেকৈ পালে ? বিষয়টো সঠিক তদন্ত কৰি গাঁও প্ৰধান জনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এতিয়া জিলা প্ৰশাসন আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়া জনে গাঁও প্ৰধান জনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।