অসম

মফছলীয় সাংবাদিকৰ পিতামহ ভৱেশ বৰুৱা আৰু নাই

asomiyapratidin
  • আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসমৰ চহৰ আৰু গ্ৰামাঞ্চলৰ সাংবাদিকৰ পিতামহ স্বৰূপ ভৱেশ বৰুৱা আৰু নাই।
  • বিগত ৩ টা দিন অতিকৈ সংকটজনক অৱস্থাত পাৰ কৰা ভৱেশ বৰুৱাৰ যোৱা নিশা ১২-৪৫ বজাত আজাৰাৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটিছে।
  • পুৱাই খবৰটো বিয়পি পৰাৰ লগে লগে বিভিন্ন প্ৰান্তৰ অসংখ্য সাংবাদিক, শুভাকাংক্ষী তেওঁৰ বাসভৱনত উপস্থিত হৈছে।
  • অশীতিপৰ সাংবাদিকগৰাকীৰ মৃত্যু তেওঁৰ পুত্ৰ গৃহত হোৱাৰ পিছত এতিয়া সমীপতে থকা তেওঁৰ নিজা বাসভৱনলৈ সমদল কৰি নিয়াৰ বাবে বিভিন্ন দল সংগঠনে প্ৰস্ততি চলাইছে।
  • কামৰূপ জিলা সাংবাদিক সন্থা, আপকুৰ কেন্দ্ৰীয় সমিতিৰ নেতা তথা জিলা পৰ্যায়ৰ সদস্যসকল আজাৰাৰ সামাজিক সাংস্কৃতি সংগঠন সমূহে তেখেতৰ ন্শ্বৰ দেহত পুষ্পাঞ্জলি প্ৰদান কৰাৰ লগতে এই অঞ্চলত এক সমদল কৰি নি তেওঁৰ অন্ত্যষ্টিক্ৰিয়া দুপৰীয়া ১২ বজাত সম্পন্ন কৰিব।
  • বৰ্ষীয়ান সাংবাদিক তথা সাংবাদিকৰ অধিকাৰ সুৰক্ষা আৰু প্ৰাপ্য সা-সুবিধাৰ বাবে বিগত প্ৰায় ৪ দশক নিৰন্তৰ যুঁজ দিয়া এইগৰাকী কৰ্মনিষ্ঠ সাহসী আৰু নিষ্ঠাবান সাংবাদিকৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ সংবাদ আৰু সমাজক্ষেত্ৰ ম্ৰিয়মান হৈ পৰিছে।