অসম

প্ৰবীণ লোক শিল্পী সাধক শিক্ষাব্ৰতী ৰিদিপ বৰাৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী প্ৰবীণ লোক সংগীত শিল্পী , শংকৰী সংস্কৃতিৰ সাধক তথা অৱসৰী শিক্ষাগুৰু ৰিদিপ বৰাৰ মঙ্গলবাৰৰ মাজ নিশা পৰলোকপ্ৰাপ্তি ঘটে । ঢকুৱাখনা মহকুমাৰ দেউলিয়া গাঁও নিবাসী এইগৰাকী সাংস্কৃতিক সাধকক যোৱা দেওবাৰে শাৰীৰিক অসুস্থতাৰ বাবে ডিব্ৰুগড় জিলাৰ ভি জি হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল।

বিগত প্ৰায় ৩ দিন চিকিৎসাৰ অন্তত বুধবাৰে মাজ নিশা প্ৰায় ১-১৫ বজাত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত ধৰ্ম প্ৰাণ ব্যক্তি বৰাৰ বয়স হৈছিল প্ৰায় ৬৫ বছৰ।  উচ্চ শিক্ষা গ্ৰহণৰ সময়তে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসমত যোগদান কৰি পৰৱৰ্তী সময়ত ১৯৯২ চনত আত্মসমৰ্পণ কৰি শিক্ষকতাৰ বৃত্তিত জড়িত হৈছিল বৰা ।

ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত গুণগত শিক্ষা দান কৰি , সৰ্বশিক্ষা অভিযানৰ চি আৰ চি চি হিচাবে নিষ্ঠাবান সেৱা আগবঢ়াই পাছত সেউজীপূৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০২১ চনত অৱসৰ গ্ৰহণ কৰা বৰা এগৰাকী সৰ্বগুণ সম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক বৰাই বৃত্তিগত ব্যস্ততাৰ মাজতো গৃহভূমিৰ কেইগৰাকী মান উদীয়মান যুৱকক সংগঠিত কৰি দেউলিয়া গাঁওৰ যুৱ সমাজ জৰী নাম দল নামৰ এটা শ্ৰুতিমধুৰ টোকাৰী গীতৰ দল গঠন কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত টোকাৰী গীত ,হৰি নাম, দিহা নাম, পৰিবেশন কৰি উচ্চ প্ৰশংসিত হৈছিল।

পৰৱৰ্তী সময়ত বৰাই নিজস্ব প্ৰচেষ্টাৰে আৰু সহযোগী সকলৰ সহযোগিতাত "গঙ্গা পুত্ৰ ভীষ্ম"  নামৰ এটা টোকাৰী গীতৰ কেছেট প্ৰস্তুত কৰি ব্যৱসায়িক ভাৱে সফলতা অৰ্জন কৰিছিল। ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ একালৰ শ্ৰেষ্ঠ গায়ক আৰু  অধ্যয়নৰত অৱস্থাতে ডিব্ৰুগড় বিশ্ববিদ্যালৰ আন্তঃ মহাবিদ্যালয়  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ গগনা বাদকৰ খিতাপ অর্জন কৰিছিল। তাৰোপৰি ফাটবিহুৰ শ্ৰেষ্ঠ বিহুৱা , শ্ৰেষ্ঠ ঢুলীয়া হিচাবে স্বীকৃতি প্ৰাপক বৰাই  খোল, গায়ন, টোকাৰী আদি বিভিন্ন গুৰুবাদ্য বাদনতো বিশেষ পাৰদৰ্শিতা প্রদর্শন কৰিছিল ।

বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ এগৰাকী সুদক্ষ ভাওনা নাট পৰিচালক আৰু ভাৱৰীয়া হিচাবেও সুকীয়া আসন দখল কৰি যোৱা সদা হাস্যমুখী বৰাই ইস সংসাৰত পত্নী ২ পুত্ৰ আৰু ৩ গৰাকী কন্যা সহ অগণন ইষ্ট কুটুম্বক এৰি থৈ গৈছে।  বৰাৰ বিয়োগৰ খবৰ পাই অজস্ৰ গুণমুগ্ধৰ আগমন ঘটে বৰাৰ বাসগৃহলৈ।

মুকলি মনৰ উদাৰ দৃষ্টিভংগীৰ অধিকাৰী বৰাৰ মৃত্যুত ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনী , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া  , ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰ, সম্পাদক গৌৰৱ বৰুৱা, পশ্চিম মাছখোৱাৰ বিভিন্ন ব্যক্তি ,দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে ।