অসম

বিহাৰলৈ বিগ বিৰ ৫১ লাখ টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত প্ৰায় এমাহ ধৰি বিহাৰত প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে কিছু অঞ্চল। বৰ্তমানৰলৈকে বানৰ কৱলত পৰি ৮০ৰো অধিক লোকৰ প্ৰাণহানি হৈছে। ৰাজ্যখনৰ এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বলিউদৰ বিগ বি অমিতাভ বচ্চনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৫১ লাখ টকাৰ অনুদান। বুধবাৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোডীৰ হাতত ৫১ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰলৈ এখন চিঠিও প্ৰেৰণ কৰে।