অসম

কাজিৰঙাত জ্বলিল পৰ্যটক কঢ়িওৱা বাহন, কথমপি ৰক্ষা পৰিল ৬ গৰাকীকৈ বাংগালোৰৰ পৰ্যটক…

asomiyapratidin
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ অঘটন।
  • ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটক কঢ়িওৱা বাহনত সংঘটিত হ'ল অগ্নিকাণ্ড।
  • পৰ্যটকসহ চলি থকা এখন জীপছিত সংঘটিত হ'ল এই অগ্নিকাণ্ড।মাজবাটতে দাও দাওকৈ জ্বলি উঠিল জীপছীখন।
  • শুক্ৰবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অন্তঃভাগত সংঘটিত হয় এই দুৰ্ঘটনা। জীপছী খনৰ যান্ত্ৰিক বিজুটিৰ ফলতেই উক্ত দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে কথমপি ৰক্ষা পৰিছে বাহনখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে যোৱা ৬ গৰাকীকৈ বাংগালোৰৰ পৰ্যটক।