অসম

সোণতলীৰ নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলৰ ‘মাতৃ সন্মিলন’ সভা সম্পন্ন

asomiyapratidin

ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত সোণতলীৰ পুৰাণগাঁওস্থিত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ 'মাতৃ সন্মিলন' সভাখন শণিবাৰে দুপৰীয়া বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়৷ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক শ্বাহ ছফিউজ জামানৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ প্ৰদান কৰে সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণিয়ে৷

সভাত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ, বিষয় শিক্ষক পৰী বুঢ়াগোঁহাই, হাউলীস্থিত হোমাৰ উপাধ্যক্ষ আব্দুল আজিজ, মৌলনা গিয়াছউদ্দিন আহমেদ, চিকিৎসক ডাঃ কুৰবান আলী আহমেদ প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷