অসম

আহি আছে ভেলেণ্টাইন ডে’, জেট এয়াৰৱেইজৰ বিশেষ অফাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আহি আছে প্ৰেমৰ সেই বিশেষ দিনটো। ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে'। এই দিনটোৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিষ্ঠানে গ্ৰাহকৰ বাবে মুকলি কৰিছে বিশেষ ৰেহায়। জেট এয়াৰৱেইজৰ বিমান প্ৰতিষ্ঠানেও যাত্ৰী সকলৰ বাবে আগবঢ়াইছে ভেলেন্টাইন ডে'ৰ অফাৰ।

প্ৰতিষ্ঠানটোৱে প্ৰদান কৰা এই অফাৰৰ অধীনত যাত্ৰীসকলে বিমানৰ ভিতৰতে তেওঁলোকৰ প্ৰিয়জনক উপহাৰ প্ৰদানৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে তেওঁলোকে প্ৰতিষ্ঠানটোৰ ইনফ্লাইট ডিউটি ফ্ৰী সেৱা জেট বুকিঙৰ পৰা ২০ শতাংশ ৰেহাই মূল্যতে নিৰ্দিষ্ট উপহাৰ অগ্ৰীম বুকিং কৰিব পাৰিব। ইয়াৰ বাবে '9WPRE' প্ৰ'ম' ক'ড ব্যৱহাৰ কৰিব পাৰিব।

চিটি বেংক কাৰ্ড থকা গ্ৰাহকসকলে অতিৰিক্ত ১০ শতাংশ ৰেহাই লাভ কৰিব। মুম্বাই, দিল্লী, বাংগালুৰু আৰু চেন্নাইৰ পৰা যাত্ৰা কৰা নিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ক্ষেত্ৰত এই অফাৰ অহা ২১ ফেব্ৰুৱাৰীলৈকে প্ৰযোজ্য হ'ব।