অসম

ৰোগীয়ে ব্যৱহাৰ কৰা চেলাইন-বেজীৰ টোপোলা চিকিৎসা কৰ্মীয়ে পেলালে জীয়াঢলত, তদন্ত কৰিবলৈ উপস্থিত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা স্বাস্থ্য বিভাগৰ অধীনৰ কোনোবা এখন চিকিৎসালয়ত ৰোগীয়ে ব্যৱহাৰ কৰা চেলাইন, বেজী আৰু ঔষধৰ টোপোলা চিকিৎসালয়ৰ কৰ্মীয়ে জীয়াঢল নদীত পেলাই থৈ যোৱা কাৰ্যই নদীকাষৰীয়া ৰাজইৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ বুধবাৰে নদীখনত বস্তায়ে বস্তায়ে এই আৱৰ্জনাবোৰ উপঙি থকা দেখা পোৱাৰ পাছত অঞ্চলৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

বুধবাৰে এনে কাৰ্যক লৈ জীয়াঢল ,চেঙেলী পথাৰ ৰাইজে ধেমাজি জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকক এই বিষয়ে অভিযোগ দিয়াত ধেমাজি জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কৃষ্ণা কেম্পাইয়ে নিজে তদন্ত কৰিবলৈ ঘটনাস্হলী জীয়াঢল নদীত গৈ উপস্হিত হয় ৷ সঞ্চালক গৰাকীয়ে হাতত কেমেৰা লৈ তদন্ত কৰি ফুৰোঁতেই হঠাৎ নদীখনৰ কাষতে বাগৰি পৰে ৷বিষয়া গৰাকীৰ কাষতে থকা লোক জনে হাতত থাপ মাৰি ধৰিহে স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকীক ৰক্ষা কৰে ৷