অসম

২০১৯ বৰ্ষত ৪টাকৈ বঁটা প্ৰাপ্ত কীৰ্তি শিক্ষক ৰঞ্জন মহন্তৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ৰজাপুখুৰীস্থ আগশাৰী শিক্ষানুষ্ঠান অংচা জিলদৈ শ্যাম হাইস্কুলৰ কীৰ্তি শিক্ষক ৰঞ্জন মহন্ত দেৱে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। তেওঁ বিদ্যালয়খনত ১৯৮৬ চনৰ পৰা কৰ্ম নিষ্ঠাৰে জ্ঞানৰ পোহৰ বিলাই চলিত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে অৱসৰ গ্ৰহন কৰে।

তদুপলক্ষে বিদ্যালয়খনৰ উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক থানেশ্বৰ গগৈৰ সভাপতিত্বত হোৱা বিদায় সম্বৰ্ধনা সভাখনত জাপি,চেলেঙ,গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে শিক্ষক ৰঞ্জন মহন্তই ২০১৯ বৰ্ষত ধনশিৰি মহকুমা প্ৰশাসনৰ দ্বাৰা কীৰ্তি শিক্ষকৰ বঁটা,সমতা সাহিত্য একাডেমীৰ শিক্ষক ৰত্ন বঁটা ২০১৯, NEBCOSৰ নৰ্থ ইষ্ট প্ৰাইড এৱাৰ্ড ২০১৯, ডঃ বি আৰ আম্বেদকাৰ ফেলশ্বিপ এৱাৰ্ড ২০১৯ লাভ কৰিবলৈ সক্ষম হৈছিল। উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰত্নেশ্বৰ শ্যাম, অৱসৰ প্ৰাপ্ত শিক্ষক অৱনীকান্ত শ্যামৰ লগতে বিদ্যালয়খনৰ সমুহ শিক্ষক শিক্ষয়িত্ৰী ,বিদ্যালয় উন্নয়ন সমিতি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।