অসম

উৰিয়ামঘাট বজাৰৰ মাজমজিয়াত সন্ধিয়া ডকাইটিকাণ্ড, দুজনক আটক…

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সোমবাৰে সন্ধ্যা প্ৰায় ৭:৩০ মান বজাত উৰিয়ামঘাট বজাৰৰ মাজমজিয়াত অৱস্থিত সঞ্জয় শৰ্মা নামৰ ব্যৱসায়ী গৰাকীৰ হাৰ্ডৱেৰ দোকানত এক ডকাইতি কাণ্ড সংঘটিত হয়৷ উল্লেখ্য যে, ৰ'ডৰ বল্টু কিনাৰ ছলেৰে চাৰিজনীয়া এটা ডকাইতৰ দলে দোকানৰ ভিতৰলৈ সোমাই দোকানৰ গৰাকী সঞ্জয় শৰ্মা বহি থকাৰ সুযোগ লৈ এজনে ডিঙিত এখন কেচি আৰু দোকানত থকা অন্য এজন ব্যক্তি বিজয় সিঙৰ মূৰত লোৰবল্টু লগাই ভাবুকি দি কেচ বাকছৰ পৰা পইচা উলিয়াই পলাই যাবলৈ লওঁতেই দোকানী জনে চিঞৰ বাখৰ কৰে।

লগে লগে ওচৰ চুবুৰীয়া আহি খেদি খেদি এটা ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু বাকী কেইটা আন্ধাৰৰ সুযোগ লৈ মটৰ চাইকেলত পলাই
যাবলৈ সক্ষম হয় ৷ দোকানৰ গৰাকীয়ে জনোৱা মতে তেওঁৰ পেন্টৰ জেপৰ পৰা আৰু কেচ বাকচৰ পৰা দলটোৱে প্ৰায় ৪০ হাজাৰ টকা লৈ যায় ৷ ধৃত ডকাইতটোৰ নাম নৰেন (চুনু) বৰুৱা আৰু ঘৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাউদাং পথাৰ তৰাণি গাৱঁত বুলি জানিব পৰা গৈছে ৷ ঘটনাটো আৰক্ষী অৱগত কৰাৰ লগে লগে উপস্থিত হয় ধৃত ডকাইতটোকউৰিয়ামঘাট আৰক্ষী থানালৈ আনি শোধাপোছা অব্যাহত ৰাখে ৷

ইফালে, এই ঘটনাত জড়িত অন্য এটা ডকাইত ৰঞ্জিত ৰাজবংশীক উৰিয়ামঘাট আৰক্ষীয়ে মেৰাপানী নমাটি গাঁৱৰ তেওঁৰ বাসগৃহৰ পৰা আটক কৰা বুলি আৰক্ষী সূএে জানিব পৰা গৈছে ৷ উৰিয়ামঘাট আৰক্ষী থানাত এই ডকাইতি ঘটনাৰ সন্দৰ্ভত ০৩/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু পলাতক অৱস্থাত থকা অন্য দুটা ডকাইতক কৰায়ত্ত কৰিবৰ বাবে ব্যাপক অনুসন্ধান জাৰি ৰাখিছে ৷

ইফালে, সন্ধ্যাৰ ভাগতেই বজাৰৰ মাজমজিয়াত আৰু ১৪২ নং চি আৰ পি এফ বাহিনীৰ কেম্পৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত এক ব্যৱসায়ীক প্ৰতিষ্ঠানত দুস্কৃতিকাৰীয়ে ডকাইতি কাণ্ড সংঘটিত কৰা ঘটনাই উৰিয়ামঘাট বজাৰৰ ব্যৱসায়ীসকল নিৰাপত্তাৰ দিশত বাৰুকৈয়ে শংকিত হৈ পৰিছে ৷ ধৃত নৰেন বৰুৱা নামৰ ডকাইতটোৰ পৰা আৰক্ষীয়ে নগদ ১০ হাজাৰ টকা , এখন কেচী আৰু এটা লোৰ বল্টু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷