অসম

উৰিয়ামঘাটত ৭০ সংখ্যক বন মহোৎসৱ সপ্তাহ উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত ৭০ সংখ্যক বন মহোৎসৱ সপ্তাহ ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ প্ৰাক মূহুৰ্তত গোলাঘাট জিলাৰ উপায়ুক্ত বীৰেন্দ নাথ হাজৰীকাই এটি গছ পুলি ৰুই বিশিষ্ট অতিথি হিচাপে জনসাধাৰণক গুৰুত্ব দি পৰিবেশ পদূষণ ৰোধ কৰিবলৈ আহ্বান জনায়।

প্ৰায় দুই শতাধিক ৰাইজে অংশ গ্ৰহণ কৰা সভাত সকলোকে গছ পুলি প্ৰদান কৰা হয়। উক্ত সভাতেই ধনশিৰি মহকুমাৰ গাঁওবুঢ়া সন্থাই অঞ্চলটোৰ বিভিন্ন সমস্যা সম্পৰ্কে উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। সভাত ধনশিৰি মহকুমাৰ মহকুমাধিপতি, বন বিষয়া, জিলা বন বিষয়াৰ লগতে বিদ্যালয়ৰ কৰ্মচাৰী সকলেও অংশ গ্ৰহণ কৰে।