uriamghat cycle rally
uriamghat cycle rally 
অসম

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে উৰিয়ামঘাটত উলিওৱা হয় চাইকেল ৰেলী...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ’ভাৰতবৰ্ষৰ লৌহ মানৱখ্যাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন ৩১ অক্টোবৰ তাৰিখটো ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰি আহিছে ৷

দেশখনৰ বিভিন্ন দল-সংগঠনে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰে ৷ ধনশিৰি মহকুমাৰ চি চেক্টৰস্থিত ১৪২নং চি আৰ পি এফ বাহিনীয়েও তিনিদিনীয়াকৈ এই দিৱস পালন কৰিছে ৷ এই উপলক্ষে শনিবাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক চাইকেল ৰেলী উলিওৱা হয় ৷

ৰেংমা নদীৰ পকী দলঙৰ পৰা উৰিয়ামঘাট বজাৰৰ মাজেৰে চাইকেল ৰেলী কৰি উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত সামৰণি পৰা চাইকেল ৰেলীত স্থানীয় ৰেংমা সীমান্ত হাইস্কুল আৰু আচাম ৰাইফলচ্ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে ৷

সামৰণি অনুষ্ঠানত বাহিনীটোৰ চি চেক্টৰৰ চেক্টৰ কামাণ্ডাৰ মুকেশ পি পি, ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষকদ্বয় ক্ৰমে প্ৰতাপ গগৈ আৰু ছবিৰাম শইকীয়াই ৰাষ্ট্ৰীয় একতা দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য দাঙি ধৰে ৷ ৰেলীত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক চি আৰ পি এফ বাহিনীৰ তৰফৰ পৰা বহী আৰু কলম প্ৰদান কৰা হয় ৷