অসম

উৰিয়ামঘাটত ‘কা’ৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰৰ সীমান্তৰ উৰিয়ামঘাটত 'কা' বিৰোধিতা কৰি উৰিয়ামঘাট আৰু ৰজাপুখুৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল।

এই জোঁৰ সমদলৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কা গৃহীত কৰি অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ ধিক্কাৰ প্ৰদান কৰে আৰু শীঘ্ৰে এই আইনখন বাতিলৰ দাবী কৰে সীমান্তবাসী শ শ জনসাধাৰণে।

উচ্চতম ন্যায়ালয়ৰ শুনানিলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত কা বাতিলৰ প্ৰতিবাদ তীব্ৰতৰ হৈ আহিছে।