অসম

উৰিয়ামঘাটত আৰক্ষীৰ জালত অস্ত্ৰসহ ৬জন

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত বুধবাৰে নিশা উৰিয়ামঘাট থানাৰ এটি তহলদাৰি দলে অস্ত্ৰসহ এটা ছয়জনীয়া দুৰ্বৃত্তৰ দলক কৰায়ত্ত কৰে। উল্লেখ্য যে উৰিয়ামঘাটৰ মাজমজিয়াতে এখন চেন্ট্ৰ'ত আহি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ত কৰে।

গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত কেইজন ক্ৰমে- আবুতালি খালেক, কুঘাট‌অ' চেমা, ফাতভি চেমা, ভিকহু চেমা, জুনাক মাৰাক আৰু জালাউদ্দিন আলী। ইফালে আঠজনীয়া দলটোৰ দুজন পলায়ণ কৰিবলৈ সক্ষম হয় । দুৰ্বৃত্ত কেইজনৰ হাতৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টলসহ মুঠ পাঁঁচ জাই সজীৱ গুলি উদ্ধাৰ কৰে।

দুৰ্বৃত্ত কেইজন অস্ত্ৰ সৰবৰাহৰ কাৰ্যত জড়িত থকাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে শাৰদীয় দুৰ্গাপূজাৰ সময়ত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেৰে অস্ত্ৰ সৰবৰাহৰ সন্দেহ কৰিছে আৰক্ষীয়ে।