অসম

ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন….

asomiyapratidin

ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ

ডিজিটেল সংবাদ,ওৰাং: দেওবাৰে পুৱা এছ এছ বিৰ ওৰাঙত থকা বি কোম্পানীয়ে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ওৰাঙৰ কৈলাশ দেৱালয়ত। পৰিৱেশ সজাগতা বৃদ্ধি কৰা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ উদ্দেশ্যৰে এছ এছ বিৰ ওৰাং শাখাই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ওৰাঙৰ কৈলাশ দেৱালয়ত। ফাষ্ট বি এন এছ এছ বিৰ বি কোম্পানী ওৰাঙৰ এচিষ্টেণ্ট কামানডেন্ট হৰি মোহন মিনাৰ সহযোগত বৃক্ষৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত হ'য়। এছ এছ বিৰ দলটোৱে ওৰাঙৰ কৈলাশ দেৱালয়ত বহু মূল্যবান গছ গছনি ৰোপন কৰে।

ইয়াৰ ভিতৰত তিতা চপা, চেগুন, নিম, আমলখী, জাম,এমাৰি, শিলিখাৰ লগতে বহু মূল্যবান গছ পুলি ৰোপণ কৰে এছ এছ বিৰ ওৰাঙত থকা কোম্পানীটোৱে। উল্লেখযোগ্য যে ওৰাঙত থকা এছ এছ বিৰ কোম্পানীটোৱে বিভিন্ন ৰাজহুৱা স্থানত ১০০০ হাজাৰ গছ পুলি ৰোপণ কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে, এই কথা উল্লেখ কৰে এছ এছ বিৰ বি কোম্পানী ওৰাঙৰ এচিষ্টেণ্ট কামানডেন্ট হৰি মোহন মিনাই।

১০০০ গছ পুলি ৰোপণৰ অংশ হিচাপে আজি ওৰাঙৰ কৈলাশ দেৱালয়ত ১১০ জোপা গছ পুলি ৰোপণ কৰাৰ কথা প্ৰকাশ কৰে এচিষ্টেণ্ট কামানডেন্ট গৰাকীয়ে । এছ এছ বিৰ ওৰাং বি কোম্পানীয়ে ৰাইজৰ সহযোগত ওৰাঙৰ ভিন্ন ৰাজহুৱা স্থানত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ ৰক্ষা কৰাৰ কথা প্ৰকাশ কৰা এচিষ্টেণ্ট কামাডেন্ট হৰি মোহন মিনাই পৰৰ্বতী সময়ত বৃক্ষ ৰোপনৰ বাবে অঞ্চলটোৰ বহু ঠাই  পৰিদৰ্শণ কৰা বুলি জনাই। এছ এছ বিৰ এই পদক্ষেপক আদৰণি জনাই সহযোগিতা আগবঢ়ায় ওৰাং কৈলাশ দেৱালয়ৰ পৰিচালনা সমিতিয়ে।