অসম

আজৱ কাণ্ড! ওৰাঙত বিদ্যুৎ সংযোগ নোহোৱাকৈ আহিল মাচুলৰ ৰচিদ…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাং: যি সময়ত ৰাজ্যত বিদ্যুৎ বিভাগে ৰাইজক জলা কলা খোৱাইছে সেই সময়তে ওৰাঙৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ আজৱ ঘটনা ৷ বিদ্যুৎ সংযোগ নকৰাকৈয়ে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে বিদ্যুৎৰ মাচুলৰ ৰচিদ।

ওৰাঙৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটি নামৰ গাওঁখনত ৪ মাহ আগতেই সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ কৰাৰ বাবে বিদ্যুৎৰ খুটা দিয়া হৈছিল। কিন্তু খুটা দিয়াৰ পাছতো আজি পৰ্যন্ত বিদ্যুৎ সংযোগৰ বাবে তাঁৰ নিদিলে সৌভাগ্য আঁচনিৰ ঠিকা লাভ কৰা ঠিকাদাৰে।

কেৱল বিদ্যুতৰ খুঁটা পুতি তাৰ নলগোৱাকৈ দায়িত্ব সামৰিলে ঠিকাদাৰে। কিন্তু বিদ্যুৎ বিদ্যুৎৰ তাঁৰ সংযোগ নকৰাকৈয়ে বিদ্যুৎ বিভাগে প্ৰদান কৰিছে ২০০০, ২৪০০ টকা পৰ্যন্ত বিদ্যুৎৰ মাচুল। ওদালগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এতিয়া বিদ্যুতৰ মাচুলে মাধমাৰ সোধাছে ধনশ্ৰীখুটি ৰাইজক ৷

গাওঁখনৰ লোকসকলে এই ‌বিষয়ে বিভাগক বিদ্যুৎ সংযোগ নোহোৱাৰ কথা অবগত কৰাত দায়সৰা মন্তব্যহে প্ৰদান কৰে লোকসকলক। যাৰফলত এতিয়া সৌভাগ্য আঁচনিৰ বিদ্যুৎ এতিয়া হৈ পৰিছে দূৰৰ্ভাগ্যহে। ২৪ ঘন্টাত মাত্ৰ চাৰি পাচঁ ঘন্টা বিদ্যুৎ যোগান ধৰা বিদ্যুত বিভাগৰ এনে কাৰ্যই এতিয়া আচৰিত কৰি তুলিছে সকলোকে ৷