অসম

ওৰাঙৰ গেলাবিল শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱা অভিশপ্ত স্থানত ৰাইজৰ মাঙ্গলিক অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাং: ওৰাঙৰ গেলাবিলত ২০ নবেম্বৰত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানো অব্যাহত আছে । তেজপুৰৰ বিবাহ যাত্ৰী ৮ জন কৈ যুৱক একেলগে নিহত হোৱা ভয়াবহ দুৰ্ঘটনাই শংকিত কৰি তুলিছে গেলাবিল তথা বৃহত্তৰ ওৰাং অঞ্চলৰ ৰাইজক। পূৰ্বৰ পৰাই গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈ আহিছে সঘমাই শোকাৱহ পথ দুৰ্ঘটনা ।

যোৱা ২০ নবেম্বৰ মঙলবাৰৰ মাজনিশা সংঘটিত দুৰ্ঘটনাটোত একে লগে ৮ জন যুৱকৰ লগতে একেদিনাই উক্ত স্থানতে সন্ধিয়াৰ ভাগত সংঘটিত হৈছিল আন এক পথ দুৰ্ঘটনা। আৰু সেই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল এজন লোকৰ। একেটাই পথত ২০ নবেম্বৰৰ নিশা ১১,৩০ বজাত সংঘটিত হৈছিল আৰু আন এক পথ দুৰ্ঘটনা।

সেই পথ দুৰ্ঘটনাত নিহত হৈছিল আন এজন ‌লোক সহ মুঠ ১০ জন কৈ লোকে। ২৪ ঘন্টাৰ ভিতৰতে ১০ জন লোকে প্ৰাণ হেৰোৱাৰ পিছত শোকস্তব্ধ হৈ পৰিছিল গেলাবিল অঞ্চলৰ ৰাইজ। সঘনাই কিয় বাৰে বাৰে একে ঠাইটে সংঘটিত হৈ আহিছে ভয়ংকৰ এনে পথ দুৰ্ঘটনা । সেয়ে শুকুৰবাৰে দুৰ্ঘটনাত নিহত সকলৰ আত্মাৰ সৎগতিৰ কামনা কৰাৰ লগতে ভবিষ্যতে তেনে ঘটনাৰ পৰিত্ৰান বিছাৰিছে ৰাইজে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিছে।

মাঙ্গলিক অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দূপ, ধূনা নৈবদ্য আগবঢ়াই হৰি নাম কীৰ্ত্তনেৰে পুজা অৰ্চনা অনুষ্ঠিত কৰে। লগতে ওৰাঙৰ গেলাবিল অঞ্চলৰ ৰাইজে গেলাবিলৰ এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত কি বাৰে বাৰে পথ দুৰ্ঘটনা সংঘটিত হয় তাৰ বাবে বিজ্ঞান সন্মত সমাধান বিচাৰিলে চৰকাৰ তথা বিভাগৰ পৰা ‌।

আনহাতে চৰকাৰক চাৰিলেন যুক্ত পথ নিৰ্মান কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক গতি ৰোধক দিবলৈ ও আহ্বান জনাই । উল্লেখযোগ্য যে ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অঞ্চলটোত সঘনাই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে।

চলিত বৰ্ষতে প্ৰায় ১৬ জনকৈ লোকে একেটা স্থানতে প্ৰাণ হেৰুৱাইছে । সেয়ে অঞ্চলটোৰ লোক সকলে প্ৰশাসনক যান বাহনৰ ক্ষেত্ৰত কঠোৰ হবলৈ আহ্বান জনোৱাৰ লগতে যান বাহনৰ চালক সকলক সুৰাপান কৰি যানবাহনৰ নচালাবলৈ আহ্বান জনাইছে ।