অসম

ককলাবাৰী ফাৰ্মক বিশ্বৰ এতিহ্যক্ষেত্ৰ হিচাপে গঢ় দিব ইউপিপিএলে…

asomiyapratidin

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ অন্তৰ্গত ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টি এটা অতি পিছপৰা সমষ্টি। স্বাধীনতাৰ ৭৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা বিজয়ী হোৱা ইউ জি ব্ৰহ্মই মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। আজি সাংবাদিকৰ আগত তেখেতে কয় যে নিৰ্বাচনৰ পূৰ্বে চাপাগুৰি সমষ্টিৰ মিত্ৰ দলৰ বিজয়ী প্ৰাৰ্থী জনক মন্ত্ৰিত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল।

দলীয় বিধায়ক ইউজি ব্ৰহ্মক কালি মন্ত্ৰিত্ব দি প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে তেখেতক ধন্যবাদ দিয়াৰ লগতে আগন্তুক পাঁচ বছৰৰ ভিতৰত সমষ্টিটোত এখন ইঞ্জিনিয়াৰিং কলেজ, দুমুনী বাগানলৈকে থকা সকলো পথ আৰু চাপাগুৰিলৈকে থকা সকলো পথ পকীকৰণ কৰা হব বুলি মন্তব্য কৰে।

আনহাতে সমষ্টিটোত দেখা দিয়া নিৱনুৱা সমস্যাৰ ভয়াবহতাৰ প্ৰসংগত তেখেতে নৱনিযুক্ত মন্ত্ৰী ইউজি ব্ৰহ্মক সহায় আৰু সহযোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে বুলি কৈ এইক্ষেত্ৰত সমাধান কৰিব বুলি কয়। ইফালে প্ৰথম অৱস্থাত ইউজি ব্ৰহ্মক চাপাগুৰিত প্ৰাৰ্থিত্ব দিয়াত এচামে আপত্তি দৰ্শাইছিল বুলি মন্তব্য কৰি তেখেতে এগৰাকী নিকা ভাৱমূৰ্তিৰ লোকক প্ৰাৰ্থিত্ব দি সমষ্টিটোৰ পৰা মন্ত্ৰিত্ব দিলে বহু উন্নতি হব বুলি কয়।