অসম

ঐতিহাসিক ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নিত, স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে উদ্যান স্থাপনৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বুধবাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ। এই স্মাৰকপত্ৰত জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে ঐতিহাসিক ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নিত কৰাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কমাৰগাঁৱত স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে এখন উদ্যান স্থাপনৰ অনুৰোধ জনায়।

উল্লেখ্য যে, ধোদৰ আলি ৬শ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম পথ। ডিব্ৰুগড়ৰ জয়পুৰৰ পৰা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক সংলগ্ন কৰি কমাৰগাঁৱলৈ ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক পথচোৱৱা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল।

আহোম যুগৰ সোণালী ইতিহাসৰ চানেকি বহন কৰা এই ঐতিহাসিক পথচোৱাৰ উন্নয়নত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে আৰ্থিক দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হ'ব বুলি উল্লেখ কৰা হৈছে উক্ত স্মাৰকপত্ৰখনত।