অসম

ধূলা কাণ্ডৰ ৰাজসাক্ষী হ'বলৈ ওলাইছে ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ গাড়ী চালক গুলেনুৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : চি আই ডিৰ নেৰানেপেৰা জেৰাৰ অন্তত পোহৰলৈ আহিছে ধূলা কাণ্ডৰ এটাৰ পাছত আনটো ৰহস্য । ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকাৰ গ্ৰেপ্তাৰৰ পাছতেই শনিবাৰে পুৱা ৰাজসাক্ষী হ'বলৈ সন্মতি প্ৰকাশ কৰে পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ধূলা কাণ্ডৰ অভিযুক্ত উৎপল বৰাৰ গাড়ী চালক গুলেনুৰে ।

ইয়াৰ ওপৰিও চি আই ডিৰ প্ৰাৰম্ভিক জেৰাত বহু তথ্য প্ৰদান কৰে গাড়ী চালক জনে ।

উল্লেখ্য যে, মূল অভিযুক্ত দম্পতী সহ মুঠ ৯ গৰাকী ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত । আনহাতে, উৎপল বৰাৰ গাড়ী চালক গুলেনুৰৰ ভাষ্য অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি অভিযুক্তসকলে ধনৰ লেনদেন কৰিছিল গুলেনুৰৰ জৰিয়তে । কেৱল বিষয়া সকলৰ নামেই নহয় বৰং কোন স্থানত কোন গৰাকী বিষয়াক কিমান ধন দিছিল সকলো খিনি তথ্যয়েই চি আই ডিৰ সন্মুখত প্ৰকাশ কৰে গাড়ী চালক জনে ।       

সংবাদ মাধ্যমে জানিবলৈ দিয়া অনুসৰি, ইয়াৰ পূৰ্বেও এনে বহু কামৰ বাবে নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ব্যৱহাৰ কৰিছিল গুলেনুৰৰ সহায় ।