অসম

উত্তৰ প্ৰদেশ নিৰ্বাচনঃ বিকল ই ভি এম, ভোট কেৱল পদুমত হে পৰে…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যখনৰ মুঠ ৯ খন জিলাৰ ৫৯ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত দিনৰ ১২ বজালৈকে ২২. ৬২ শতাংশ ভোটদান সাব্যস্ত হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক ভোটদান হৈছে পিলিভিটত। ইয়াত ২৭.৪৩ শতাংশ ভোটদান সাব্যস্ত হৈছে।

আনহাতে লখিমপুৰ খেৰীত ২৬.২৯ শতাংশ ভোটদান সাব্যস্ত হৈছে। বৰ্তমানলৈকে ভোটদান সাব্যস্ত হোৱা শতাংশৰ তুলনাত লখিমপুৰ দ্বিতীয় স্থানত আছে। ইয়াৰ মাজতে লখিমপুৰত দুটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। ১০৯ নম্বৰ বুথৰ এটা ই ভি এম মেচিনত এটা ফেভিকুইক কোনোৱে সুমুৱাই দিয়ে।

ইফালে লখিমপুৰৰ ৮৫ নম্বৰ বুথত ভোটদান য'তেই নকৰক কিয় ভোট পদুম ফুলৰ চিহ্নতেই পৰাৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰসকলৰ অভিযোগ, ই ভি এমত বুটাম টিপাৰ পিছতে ভোট পদুম ফুলৰ চিহ্নত পৰা দেখাইছে। এই অভিযোগৰ পিছতেই দুঘণ্টাৰ বাবে ভোটদান ব্যাহত হৈ পৰে। ভোটগ্ৰহণৰ দায়িত্বত থকা শীৰ্ষ বিষয়াসকল ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হৈ নতুন ই ভি এম মেচিন সংস্থাপিত কৰে। ইয়াৰ উপৰিও আন কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে ই ভি এম।