অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্চাশতম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণী

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বুধবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পঞ্চাশতম বিশ্ববিদ্যালয় সপ্তাহৰ। সৃজনীশীলতা আৰু জ্ঞান অন্বেষনৰ অনন্য কমাৰশাল এই বিশ্ববিদ্যালয়ে গৌৰৱোজ্জ্বল পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিলে।

সেয়েহে সোণালী দিনৰ স্মৃতি জড়িত কিছু চিন্তাৰ ৰোমন্থন তথা বৰ্তমানৰ ভেটিত সুবাস বুটলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই আড়ম্বৰপূৰ্ণ ৰূপত ভিন্ন পৰিকল্পনাৰে বিশ্ববিদ্যালয় সপ্তাহৰ আয়োজন কৰিছে। বুধবাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁতধৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ চন্দোপল শইকীয়া। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যলয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলী, ছাত্ৰ পৰিক্ৰমা গুৰু জীতেন হাজৰিকা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হৰিচন্দ্ৰ মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰৰ উপস্থিতিত প্ৰতিটো বিভাগ আৰু কেন্দ্ৰই পেৰেডত ভাগ লয়। আমন্ত্ৰিত প্ৰত্যোকজন ব্যক্তিয়েই ক্ৰীড়া ক্ষেত্ৰ খনৰ প্ৰতি আগ্ৰহী হ'বৰ বাবে সমূহ ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা জনায়।