অসম

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে মৰিগাওঁ জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস তথা একতা দৌৰৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিগাওঁ : স্বাধীন ভাৰতৰ প্ৰথমজন গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰে ৰাষ্ট্ৰীয় একতা দিৱস তথা একতা দৌৰৰ । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ১৯৮৭ চনত অৰ্জুন বঁটা লাভ কৰা প্ৰসিদ্ধ অসমৰ টেবুল টেনিচ খেলুৱৈ মনালিছা বৰুৱা মেহতা, সতোৰৰবিদ এলভিছ আলি হাজৰিকা আৰু শৰীৰ চর্চাবিদ মহাদেৱ ডেকাই।

জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত চৰ্দাৰ বল্লভ ভাই পেলেটৰ প্ৰতিচ্ছবিৰ সন্মুখত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই একতা দৌৰ কাৰ্যসূচীত প্ৰখ্যাত খেলুৱৈ সকলৰ ওপৰিও জিলা প্ৰশাসনৰ চৰকাৰী কৰ্মচাৰী-বিষয়াৰ সৈতে উপস্থিত থাকে জিলা খনৰ বিদ্যালয় সমূহৰ প্ৰায় ১ হাজাৰতকৈও অধিক শিক্ষাৰ্থী ।