অসম

মঙলদৈ ইউনাইটেড ক্লাব সংগীত বিদ্যালয় শুভাৰম্ভ..

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সুদীৰ্ঘ ৩০ বছৰৰ পিছত পুণৰ প্ৰাণ পাই উঠিছে মঙলদৈ ইউনাইটেড ক্লাব সংগীত বিদ্যালয়। ইউনাইটেড ক্লাবৰ সভাপতি বীৰেণ মেধি, সম্পাদক পৰাগ ডেকা আৰু অন্যান্য বিষয়ববীয়া সকলৰ উদ্যমত যোৱা ১০ জানুৱাৰীত বিধায়ক গুৰুজ্যোতি দাসে পুণৰ উদ্বোধন কৰে এই বিদ্যালয়। এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী, বিশিষ্ট শিল্পী দম্পতী জয়প্ৰকাশ মেধি – মৰমী মেধি, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্ত, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ ,সংগীত শিল্পী জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, সমাজকৰ্মী জয়ন্ত চহৰীয়া আদি উপস্থিত থাকি অতীত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।

আৰম্ভণীতে মঙ্গলাচৰণেৰে সভাখন আঁত ধৰে অনাতাৰ শিল্পী প্ৰাঞ্জল শৰ্মাই। 'তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক সমবেত সংগীতটি পৰিবেশন কৰে শিল্পী ভাৰতী চহৰীয়া, স্বৰ্ণ দেবী, কান্তা বৰা ধৰ আদি শিল্পীয়ে। অনুষ্ঠানত গায়ত্ৰী পৰাশৰে ভায়লিনত এটি গীত আৰু কান্তা ধৰে এটি আধুনীক গীত পৰিবেশন কৰে। শেষত ক্লাবৰ সভাপতি বীৰেন মেধীয়ে সভাপতিৰ আসনৰ পৰা শলাগৰ শৰাই প্ৰদান কৰে।

উল্লেখ্য যে, 'অৰণ্য' আৰু 'পুতলা ঘৰ' নামৰ চলচ্চিত্ৰ প্ৰযোজনা কৰি ৰাষ্ট্ৰীয় ৰজত কমল বঁটা পাবলৈ সক্ষম হোৱা মঙলদৈ ইউনাইটেড ক্লাবে ১৯৮৫ চনত আৰম্ভ কৰিছিল 'ইউনাইটেড ক্লাব সংগীত বিদ্যালয়'। সংগঠিত ৰূপত মঙলদৈ চহৰৰ প্ৰথম এই সংগীত বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব লৈছিল নলবাৰীৰ বিশিষ্ট শিল্পী হৰিশ ডেকাই।

শিক্ষাদান কৰিছিল বিশিষ্ট শিল্পী, দৰং গৌৰৱ আনন্দ নাৰায়ণ দেব, নবীন বৰা, মৰমী মেধি, জয়প্ৰকাশ মেধিয়ে। অৰ্ধশতাধিকে এই সংগীত বিদ্যালয়ত শিক্ষা লৈ এতিয়া প্ৰতিষ্ঠিত শিল্পী হিচাপে সমাদৃত হৈছে। ডাঃ জয়কান্ত চহৰীয়াক সভাপতি, বীৰেণ মেধিক সম্পাদক আৰু ৰত্নেশ্বৰ কটকীক কোষাধ্যক্ষ হিচাপে লৈ আৰম্ভ হোৱা এই সংগীত বিদ্যালয় ৬ বছৰমানৰ পিছত বন্ধ হৈ পৰিছিল।