অসম

বেলেগে নহয়, বিজেপি-কংগ্ৰেছ- এআইইউডিএফক পৰাভূত কৰিবলৈ সকলো এখন পতাকাৰ তলত ঐক্যবদ্ধ হওঁক- অখিল গগৈ

asomiyapratidin

ডিজিটেল ডেস্ক : জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰিব অহা অবস্থাত সোমবাৰে শেহতীয়া ভাবে বিভিন্ন পক্ষই সুকীয়া সুকীয়া আঞ্চলিক দল গঠন কৰাৰ বাবে চলোৱা প্ৰচেষ্টাক আত্মঘাতী বুলি আখ্যা দিয়াৰ লগতে এনেদৰে যে অসমৰ কল্যান সাধিব লোৱাৰি সেই কথা স্পষ্ট কৰি দিয়ে । বুকুত প্ৰচণ্ড বিষ লৈ চিকিৎসালয়লৈ অহাৰ সময়ত কাজত লিখি লৈ অনা এক চমু টোকা সাংবাদিকৰ মাজত বিলাই দি তেওঁ এই কথা কয় ।

ৰাজনৈতিক দলৰ উদ্যোক্তাক সম্বোধন কৰি তেওঁ কয়- সকলোৱে মিলি এটা ঐক্য বদ্ধ আপোচহীন অঞ্চলিক দল কৰক ।যদি বিজেপি আৰ এচ এচক প্ৰতিহত কৰিব লাগে,যদিহে কংগ্ৰেছ এআইডিইউএফক অসম শাসনৰ বাঘজৰী দিব নালাগে,তেনেহ'লে অসমবাসী এক লগ হওক মাত্ৰ এটা ঐক্য বদ্ধ আঞ্চলিক দল গঠন কৰক ।

অসম বাসীক লগতলৈ এখন পতাকা,এটা প্ৰতীকৰ তলত একত্ৰিত হব পাৰিলেহে অসমৰ কল্যান সাধিত হব । হিন্দু মুচলমানৰ ৰাজনীতিৰ বিধংসী সংস্কৃতিক যদি বাধা দিব লাগে তেনেহলে ধৰ্ম জনগোষ্ঠীৰ ভেদাভেদ পাহৰি আমি একলগ হবই লাগিব কিয়নো ২০২১ত আৰ এচ এচ বিজেপি যদি পুনৰ ক্ষমতালৈ আহে অসমত অহা ৩০-৩৫ বছৰলৈ ধৰ্মীয় মৌলবাদেৰে চালিত ৰাজনীতিয়ে স্থায়ী ৰূপ পাব । গনতান্ত্ৰিক প্ৰগতিশীল চিন্তা চেতনাৰ কোনো স্থান নাথাকিব। সেইবাবেই আহি থকা নিৰ্বাচনেই শেষ সুযোগ । আছু,কৃষক মুক্তি,এজেৱাইচিপি,সকলো জনগোষ্ঠীয় জাতীয় সংগঠন আৰু আঞ্চলিক দল একত্ৰিত হওক আৰু সৰ্ব শক্তিবান ঐক্যবদ্ধ এক বিকল্প আঞ্চলিক শক্তি গঢ়ি তোলক । এয়াই মোৰ অসম বাসীৰ প্ৰতি আহ্বান । কোনো চাতুকাৰৰ কথাত ভুল গৈ অসমক ধংস হবলৈ নিদিব ।