লামডিংত ব্যতিক্ৰমী সৰস্বতী পূজা
লামডিংত ব্যতিক্ৰমী সৰস্বতী পূজা 
অসম

লামডিংত ব্যতিক্ৰমী সৰস্বতী পূজা

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি লামডিঙৰো বিভিন্ন প্ৰান্তত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী দেৱীৰ পূজা আৰাধনা কৰে। ইয়াৰ লগতে সংগতি ৰাখি লামডিং নেতাজী ৰ'ডত ব্যতিক্ৰমভাৱে সৰস্বতী পূজা উদযাপন কৰে।

বিগত বহু বছৰ ধৰি নেতাজী ৰ'ডত উদযাপন হৈ অহা এই পূজাৰ এইবাৰৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ল বীৰ লাচিত বৰফুকন ৷ গণৰাজ্য দিৱস উপলক্ষে দিল্লী ৰাজপথত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰাৰ লগে লগে আজি নেতাজী ৰ'ডৰ পূজা কমিটিয়েও লাচিত বৰফুকনে মোগলক ভেটিবলৈ সাজু হৈ পৰা এক সুন্দৰ প্ৰতিমূৰ্ত্তিৰ দৃশ্য প্ৰদৰ্শিত কৰি আকৰ্ষিত কৰে ৰাইজক ৷ প্ৰায় ডেৰ লাখ টকাৰ ব্যয়ৰে লামডিং মৃন্ময় শিল্পীয়ে নিৰ্মান কৰিলে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি।