অসম

ডিমা হাছাওত চৰকাৰী প্ৰতিষ্ঠানৰ হস্তান্তৰ, সাৰি নগ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামত স্থাপন কৰা বিদ্যালয়ো

asomiyapratidin

ডিজিটেল সংবাদ, হাফলঙঃ ডিমা হাছাও স্বায়ত্ব পৰিষদত চলিছে চৰকাৰী প্ৰতিষ্ঠান হস্তান্তৰকৰণৰ প্ৰক্ৰিয়া। মুখ্য কাৰ্যবাহী বিষয়া দেবলাল গাৰ্লোছাৰ নেতৃত্বত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ নামত স্থাপন কৰা বিদ্যালয়খনো ৰক্ষা নপৰিল হস্তান্তৰ প্ৰক্ৰিয়াৰ পৰা। গোপীনাথ বৰদলৈ মেম'ৰিয়েল বিদ্যালয়ৰ লগতে স্থানান্তৰ কৰিবলৈ লোৱা হৈছে পিচিমা প্ৰাথমিক বিদ্যালয়, শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয় (পাহাৰীয়া) ইত্যাদি।

ইতিমধ্যে পিচিমা প্ৰাথমিক বিদ্যালয়ৰ চৌহদটো বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে আৰম্ভ কৰা হৈছে। সেই স্থানত এতিয়া স্থাপন কৰা হৈছে অটো ৰিক্সাৰ ষ্টণ্ড। ব্যক্তিগত খণ্ডৰ হাতত বিদ্যালয়ৰ চৌহদটো গটাবলৈ চেষ্টা কৰা বুলিও একাংশ লোকে মন্তব্য কৰিছে।

ডিমা হাছাও জিলা কংগ্ৰেছে প্ৰেছ বিজ্ঞপ্তিৰ যোগে চৰকাৰী প্ৰতিষ্ঠানৰ স্থান হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ বিৰোধিতাৰ কথা প্ৰকাশ কৰিছে। জিলা কংগ্ৰেছ কমিটিয়ে হাফলং চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক পুৰণি চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ হস্তান্তকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিছে।

উল্লেখ্য যে, চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয় পূৰ্বে নৱোদয় বিদ্যালয়ৰ বাবে ব্যৱহাৰ কৰি থকা হৈছিল। এই কাৰ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'ব বুলি অভিযোগ কৰিছে কংগ্ৰেছে।