খালিস্তানপন্থী সংগঠনক উভতি ধৰিলে পৰেশ বৰুৱাইঃ সোঁৱৰাই দিলে অতিত...
খালিস্তানপন্থী সংগঠনক উভতি ধৰিলে পৰেশ বৰুৱাইঃ সোঁৱৰাই দিলে অতিত... 
অসম

খালিস্তানপন্থী সংগঠনক উভতি ধৰিলে পৰেশ বৰুৱাইঃ সোঁৱৰাই দিলে অতিত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শিখ ফৰ জাষ্টিছ নামৰ খালিস্তানী পন্থী সংগঠনৰ পৰা এটা অডিঅ' বাৰ্তাৰ জৰিয়তে ভাবুকি প্ৰদান কৰাৰ পাছতে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম, (স্বাধীন) চমুকৈ আলফা (স্বাধীন)-ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আলফাই শিখ ফৰ জাষ্টিছে মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে। ৩ এপ্ৰিল, সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আলফা স্বাধীনে কয় যে, শিখ ফৰ জাষ্টিছে যি সতৰ্কবাণী প্ৰেৰণ কৰিছে সেয়া দুৰ্ভাগ্যজনক আৰু ভুল বুজাবুজিৰ বাবে হৈছে।

সংগঠনটোৱে লগতে কয়, যি সময়ত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভাৰতীয় সেনাই অপাৰেচন ব্লুষ্টাৰ চলাইছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত সমগ্ৰ দেশত শিখ বিৰোধী ঢৌ বিয়পি পৰাৰ লগতে সমগ্ৰ দেশতে শিখ সকলক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল, সেই সময়ত কিন্তু অসমত শিখসকলক কোনো ধৰণৰ অত্যাচাৰ চলোৱা হোৱা নাছিল।

তেওঁ ইন্দিৰাগান্ধী হত্যাৰ সময়ৰ কথা উল্লেখ কৰিও কৈছে, ইন্দিৰাগান্ধীক হত্যাৰ পিছত শিখসকলক যেনেকৈ হত্যা কৰা হৈছিল আৰু অগ্নিগৰ্ভা সময়ত অসম আৰু পশ্চিম-দক্ষিণ-পূৱ এছিয়াৰ এজনো শিখ ব্যক্তিক হাৰাশাস্তি চলোৱাৰ উদাহৰণ নাই। পৰেশ বৰুৱাই এই বিবৃতিৰ জৰিয়তেই শিখ ফৰ জাষ্টিচৰ নেতাসকলক এনেধৰণৰ ভাবুকিভৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আৰু পূৰ্বৰ ভয়ংকৰ পৰিস্থিতিত অসমৰ ৰাজনৈতিক নেতা আৰু জনসাধাৰণৰ ভূমিকাক সোঁৱৰিবলৈও আহ্বান জনাইছে।

উল্লেখ্য যে, পঞ্জাৱৰ পৰা কেইবাজনো খালিস্তানীক অসমলৈ স্থানান্তৰ কৰি ডিব্ৰুগড় কাৰাগাৰত ৰখা হৈছে। কেইবাটাও পৰ্যায়ত পঞ্জাৱৰ পৰা অসমলৈ লৈ অনা এই খালিস্তানী পন্থী নেতাসকলক কেন্দ্ৰ কৰি অসম পুনৰ চৰ্চালৈ আহিছিল। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক খালিস্তানী পন্থী সংগঠনটোৱে ভাবুকি প্ৰদান কৰা কাৰ্য আৰু তাৰ পৰৱৰ্তী সময়ত আজি আলফাই প্ৰেৰণ কৰা এই বিবৃতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

আলফাই প্ৰেৰণ কৰা বিবৃতি