অসম

জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

asomiyapratidin

ডিজিটেল সংবাদ, জাগুনঃ অপূৰ্ব কাকতি নামৰ যুৱকজন অপহৃত হোৱাক লৈ তিনিচুকীয়াৰ জাগুনত চাঞ্চল্য অব্যাহত থকাৰ সময়তে উক্ত অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। অপূৰ্বই যিটো শিলৰ কোৱেৰীত মেনেজাৰ হিচাপে কাম কৰিছিল সেই কোৱেৰীটোৰ মালিকক বুধবাৰে ফোনযোগে অপহৰণ কৰাৰ কথা সদৰী কৰে বিদ্ৰোহী সংগঠনটোৱে।

ফোনত কোৱেৰীটোৰ স্বত্বাধিকাৰী পূৰ্ণ বৰাক অপহৃত অপূৰ্ব কাকতি সুস্থ শৰীৰে থকা বুলিও জনায় সংগঠনটোৱে। অপূৰ্বৰ মাতৃৰ অসুস্থতাৰ বাবে দুখ প্ৰকাশ কৰি চিকিত্‍সাৰ ব্যৱস্থা কৰিবলৈ বৰাক সংগঠনটোৱে আহ্বান জনায়।

উল্লেখ্য যে, আলফা স্বাধীনৰ উত্থান চলা বুলি সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতে সোমবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা অস্ত্ৰধাৰী দল এটাই অপহৰণ কৰি নিয়ে অপূৰ্বক। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, সেনাৰ পোছাকত অহা দলটোৱে কৌশলৰে অপূৰ্বক গাড়ীত উঠাই উক্ত স্থানৰ পৰা উধাও হৈছিল।