আলফাৰে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতঃ মুখ্যমন্ত্ৰীয়ে ক'লে- 'পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো'
আলফাৰে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতঃ মুখ্যমন্ত্ৰীয়ে ক'লে- 'পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো' 
অসম

আলফাৰে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতঃ মুখ্যমন্ত্ৰীয়ে ক'লে- 'পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সম্পাদিত হ'ব আলফা আৰু চৰকাৰৰ শান্তি চুক্তি। নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰকাশ কৰিছে এই কথা। লক্ষ্যণীয়ভাৱে চলিত বছৰ শেষ হ'বলৈ মাজত মাত্ৰ এটা পষেক আছে যদিও তেওঁ চলিত বছৰতেই এই শান্তি চুক্তি সম্পাদিত হোৱাৰ আশা প্ৰকাশ কৰে।

অৱশ্যে চলিত বছৰত এই চুক্তি সম্পাদিত নহ'লেও ২০২৪ ৰ প্ৰথমভাগতে লোকসভা নিৰ্বাচনৰ পূৰ্বেই চুক্তি সম্পাদিত হ'ব। চুক্তি সম্পাদিত হোৱাৰ পাছতে আলফা (স্বাধীন)ৰ সৈতেও আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলিও জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

ইফালে আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তিক লৈ চলি থকা এনে প্ৰস্তুতিৰ মাজতে যোৰহাটত আলফাই গ্ৰেণেড বিস্ফোৰণ কৰাৰ ঘটনা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, 'কেইজনমান আলফা কেডাৰে কেইটামান গ্রেণেড লৈ অসমত প্রবেশ কৰাৰ বাতৰি চৰকাৰৰ ওচৰত আছিল। তাৰ ভিতৰত দুজনমান কেডাৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰি গ্রেণেডসহ আত্মসমর্পণ কৰিছিল। পিচে দুটা বা তিনিটা গ্রেণেড ফুটালেই অসমখন স্বাধীন হৈ নাযায়। তেনে কার্যই অসমৰ ক্ষতিহে কৰিব। অসমত এতিয়া বিনিয়োগৰ পৰিবেশ এটা আহিছে। বিনিয়োগকাৰীসকলৰ সৈতে আলোচনা চলি আছে। তেনে সময়ত এনে ধৰণৰ কুটাঘাতৰ ঘটনাই অসমৰ উন্নতিৰ পথত বাধা সৃষ্টি কৰিব।'

শেহতীয়াকৈ আলফা (স্বাধীন) আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। আনকি আলফাই জি পি সিঙক ভাবুকি প্ৰদান কৰাৰ লগতে জি পি সিঙেও পৰেশ বৰুৱাক প্ৰত্যাহ্বান জনাইছে। এনে বাকযুদ্ধৰ মাজতে ৰাজ্যত যোৱা মাত্ৰ কেইটামান দিনৰ ভিতৰতে সংঘটিত হৈছে দুটাকৈ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জি পি সিঙৰ নাম নোলোৱালৈ কয়, 'পৰেশ বৰুৱাই কাৰোবাক বেয়া পাব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু নিজৰ জননী-জন্মভূমিৰ ওপৰত কোনোবাই বোমা মাৰিব পাৰে নেকি?'

পৰেশ বৰুৱাৰ সৈতে নিয়মিতভাৱে কথা পতাৰ কথাও উল্লেখ কৰি ড০ শৰ্মাই কয়, 'পৰেশ বৰুৱাৰ সৈতেতো মই কথা পাতিয়েই থাকো। তাত মেকানিজমৰ কোনো প্রয়োজন নাই। তেওঁৰ সৈতে মই এতিয়ালৈকে ১০-১২ বাৰ কথা পাতিছো। কাইলৈও যদি বিচাৰো পুৱা ৯ বজাত কথা পাতিম, মুখ্যমন্ত্রী হিচাপে মই পৰেশ বৰুৱাৰ সৈতে কথা পাতিবই পাৰো। কথা পতাটো ডাঙৰ কথা নহয়, কথা পাতি সহমতত উপনীত হোৱাটোহে ডাঙৰ কথা।'

শুকুৰবাৰে দিল্লীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি আলোচনাপন্থী আলফাৰ সৈতে সম্পাদিত হ'বলগীয়া শান্তি চুক্তিৰ খচৰা ইতিমধ্যে প্রস্তুত হৈছে। মূলতঃ অসম চুক্তিৰ ৬ নং দফাক সমুখত ৰাখি এই খচৰা প্রস্তুত কৰা হৈছে। য'ত অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ হিচাপে ৰাজনৈতিক, আর্থ-সামাজিক তথা ভূমিৰ সুৰক্ষাৰ বিষয়টো নিহিত হৈ আছে।

উল্লেখ্য, দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰাৰ উপৰিও দুবাৰকৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰোপৰি কেন্দ্রীয় চোৰাংচোৱা সংস্থা আই বিৰ মুৰব্বী তপন ডেকা আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ মুৰব্বী দিনকৰ গুপ্তাৰ সৈতেও সুকীয়া সুকীয়া বৈঠকত মিলিত হয়।