অসম

আজিৰে পৰা ওদালগুৰি-বাক্সা সীমান্ত অঞ্চলত তিনি দিনলৈ সুৰা বিক্ৰী নিষিদ্ধ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ আগন্তুক কোকৰাঝাৰ লোকসভা সমষ্টিত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ওদালগুৰি-বাক্সা জিলাৰ সীমান্ত অঞ্চলত নিষিদ্ধ কৰা হৈছে সুৰা। উল্লেখ্য যে, জিলাখনৰ সমীপৱৰ্তী কোকৰাঝাৰ লোকসভা সমষ্টিত অহা ২৩ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। উক্ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত আজি ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে এক নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ ওদালগুৰি-বাক্সা জিলাৰ সীমান্ত সুৰাৰ বিক্ৰী বন্ধ কৰিছে। এই নিষিদ্ধতা বলৱৎ কৰা হৈছে ২১ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ। লগতে ২৩ মে'ৰ ভোটগণনাৰ দিনটোতো এই নিৰ্দেশ প্ৰযোজ্য হব বুলি নিৰ্দেশপত্ৰ যোগে জানিবলৈ দিয়ে‌। এই আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জিলা উপায়ুক্ত স্বাক্ষৰিত পত্ৰখনত উল্লেখ কৰিছে।