অসম

টংলা ষ্টেডিয়ামৰ উন্নয়নত গাফিলতি, নিৰ্মাণৰ পিছতে খহি পৰিল চৌহদৰ পকী দেৱাল

asomiyapratidin

 ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলাৰ বৰজলাহস্থিত টংলা ষ্টেডিয়ামখনৰ উন্নয়নৰ গতি লেহেমীয়া হোৱাৰ পৰিণতিত বৃহত্তৰ টংলা অঞ্চলৰ খেলুৱৈসকলে অনুশীলনৰ লগতে অঞ্চলটোৰ কেইবাখনো ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে ক্ৰীড়াপ্ৰেমী ৰাইজে৷

ফুটবল, ভলীবল, হকী, কাবাদীকে ধৰি বিভিন্ন ইভেণ্টত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাক আগবঢ়াই নিয়াত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰখনৰ উন্নয়নৰ কাম লেহেমীয়া গতিত চলি থকাৰ উপৰি টংলা ষ্টেডিয়ামখনৰ আন্তঃগাঁথনিৰ অভাৱৰ বাবে সকলোৱে বহু কষ্ট ভোগ কৰি আহিছে৷

এই অসুবিধাৰ প্ৰতি লক্ষ্য কৰি বিটিচিএৰ কাৰ্যবাহী সদস্য তথা টংলা ক্ৰীড়া সন্থাৰ সভাপতি বনজাৰ দৈমাৰীৰ একক প্ৰচেষ্টাত টংলা ষ্টেডিয়ামখনৰ উন্নয়নৰ বাবে বিটিচি পৰিষদৰ জৰিয়তে প্ৰায় ৬৫ লক্ষাধিক টকা মঞ্জুৰ কৰাই অানিবলৈ সক্ষম হৈছিল৷ কিন্ত পৰিতাপৰ কথা, দীৰ্ঘদিনৰ অন্তত ষ্টেডিয়ামখনৰ উন্নয়নৰ কাম আৰম্ভ কৰা ঠিকাদাৰজনে বিটিচি কাৰ্যবাহী সদস্যজনৰ সপোন বাস্তৱিত কৰাৰ পৰিৱৰ্তে নিম্নমানৰ কাম কৰাত আজিলৈ ষ্টেডিয়ামখন খেলৰ উপযোগী হৈ নুঠিল৷

ইয়াৰ পৰিৱৰ্তে নিৰ্মাণৰ পিছতে ষ্টেডিয়াম চৌহদৰ পকী দেৱাল খহি পৰাৰ উপৰি খেলপথাৰত মিহি মাটিৰ পৰিবৰ্তে শিল-বালি মিহলি মাটি পেলোৱাত খেলপথাৰখন খেলৰ বাবে উপযোগী হৈ থকা নাই বুলি ক্ৰীড়াপ্ৰেমী ৰাইজে অভিযোগ কৰিছে৷ এইদিশত ষ্টেডিয়ামখনৰ উন্নয়নৰ বাবে বিটিচিৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ অঞ্চলটোৰ খেলুৱৈসকলৰ লগতে ক্ৰীড়ানুৰাগী ৰাইজে আহ্বান কৰিছে ৷