অসম

ওদালগুৰিত ষট পূজাৰ উপলক্ষে উদুলি-মুদুলি পৰিৱেশ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ উত্তৰ ভাৰতত বহুল প্ৰচাৰিত হিন্দু ধৰ্মৰ এটি পবিত্ৰ উৎসৱ তথা সুৰ্য্য প্ৰণামৰ বাবে প্রসিদ্ধ পার্বণ হ'ল ষট পূজা। অতীতৰ জনশ্ৰুতি মৰ্মে সুৰ্য্য দেবতাৰ ভগ্নী অাছিল ষট্ মা অাৰু সেই দেৱীক সন্তুষ্ট কৰিবলৈ সুৰ্য্য দেৱতাৰ যোগেদি ব্ৰত ৰাখি সম্পুৰ্ণ ৰীতি-নীতিৰে পালন কৰে এই পবিত্ৰ পূজাভাগ।

নিজৰ লগতে সমগ্ৰ পৰিয়ালৰ সুখ-সমৃদ্ধি তথা মনোবাঞ্ছিত ফল লাভৰ বাবে অান্তৰিকতাৰে পালন কৰা হয় এই পুজা। পুৰুষ আৰু মহিলাসকলে সমানভাবে এই উৎসৱত অংশগ্রহণ কৰে। ওদালগুৰি চহৰৰ কেইবাটাও নদীৰ ঘাটত এই ষট্ পূজা উপলক্ষে উদুলি-মুদুলি পৰিৱেশ দেখা যায়।

চহৰখনৰ গোলন্দী ছুইচ গেট, পুৰণি থানা গাওঁ, সাপখাইটিৰ লগতে বিভিন্ন নদীৰ ঘাটসমূহত ব্ৰতাধাৰী ভক্তপ্ৰাণ ৰাইজসকলে সূৰ্যোদয়ৰ পূৰ্ৱে নদীৰ পানীৰে স্নান কৰে। ওদালগুৰি গোলন্দী ছুইচ গেট ঘাটত প্ৰায় শতাধিক পৰিয়ালে ব্ৰত ৰাখি নিজৰ স্থায়ী-অস্থায়ী বেদীত পূজা কৰি নিজ পৰিয়াল তথা বিশ্বৱাসীৰ মঙ্গলৰ বাবে প্ৰাৰ্থনা জনায়।

ইফালে ষট্ পূজাস্থলীত পূজাৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পাঁচ সহস্ৰাধিক লোক আহি সমাৱেত হয় এই ষট্ পূজাৰ ঘাটসমূহত। কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে গোলন্দী নদীত পানী নথকা হেতুকে অস্থায়ীভাৱে সমীপেৰে কৃত্তিম নৈ বান্ধি সেই পানীত ভক্তগনে পূজাভাগ সমাপন কৰে।

আনহাতে নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত ওদালগুৰি আৰক্ষী বিভাগৰ তৰফৰ পৰা কটকটীয়া ব্যৱস্থা কৰা দেখা গৈছে। সংশ্লিষ্ট থানাসমূহৰ আৰক্ষী বিষয়াৰ লগতে জিলা আৰক্ষী অধীক্ষক লংণিত টেৰাঙে নিজেই ঘাটসমূহত উপস্থিত থাকি সমগ্ৰ নিৰাপত্তা দিশটো পৰ্যালোচনা কৰে।