অসম

ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণি দেৱীৰ মৃত্যুত শোক…

asomiyapratidin

ডিজিটেল সংবাদ,ওদালগুৰিঃ ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণি দেৱীৰ শনিবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। বিগত চাৰিদিন পূৰ্ৱে জ্বৰত ভুগি স্থানীয় চিকিৎসকৰ সহায়ত চিকিৎসা প্ৰদান কৰাৰ অন্তত মৃত্যুৰ এদিন পূৰ্ৱে তেখেতক গুৱাহাটীলৈ লৈ যায়। পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁক বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱা বুলি আইচিইউত ভৰ্তি কৰে। ইয়াৰ পাছতো তেখেত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হোৱাত তেওঁক ভেণ্টিলেটৰত ৰাখে। কিন্তু শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ মান বজাত তেখেতৰ মৃত্যু হয়।

মৃত্যৰ সময়ত সভাপতি দেৱীৰ বয়স আছিল ৬৮ বছৰ। স্বৰ্গীয় পিতৃ উদয় চন্দ্ৰ শৰ্মা আৰু স্বৰ্গীয় মাতৃ সৰস্বতী দেৱীৰ কন্যা প্ৰয়াত বীণাপাণি দেৱী অসম সাহিত্য সভাৰ হিতৈষী সদস্যৰ লগতে ওদালগুৰি সাহিত্য সভাৰ সভাপতি, সদৌ অসম মইনা পাৰিজাতৰ আজীৱন সদস্যা, ওদালগুৰি লেখিকা সন্থা, ওদালগুৰি জিলা কবি সমাজৰ সক্ৰিয় সদস্যৰ লগতে বিভিন্ন সংগঠনৰ সৈতে জৰিত আছিল। তেখেতৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত আছিল সোণালী পৰী(অকণিৰ কবিতা পুথি), মোৰ কবিতাৰে এটা গধুলি(কবিতা পুথি), বকুল যেতিয়া বাগৰে বনত(গল্প পুথি), তৰা ফুলৰ মালা(অকণিৰ কবিতা পুথি) আছিল অন্যতম।

তেওঁৰ মৃত্যত শোকস্তব্ধ হৈ পৰে ওদালগুৰিৰ সাহিত্যিক সমাজ। আজি দিনত মৃতদেহ আহি ওদালগুৰি পোৱাৰ পাছত এক সমদলেৰে নি ওদালগুৰি সাহিত্য সভা চৌহদত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ওদালগুৰি ৰাজহুৱা শ্মসানত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণি দেৱীৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, ওদালগুৰি প্ৰেছ ক্লাৱ, ওদালগুৰি বাৰ্তাজীৱি সংঘ, ওদালগুৰি সাহিত্য সভা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি আঞ্চলিক জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লেখিকা সন্থা, ওদালগুৰি কবি সমাজৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে।