অসম

ওদালগুৰিত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ বি টি চি নিৰ্বাচনৰ বতাহ চলি থকাৰ মাজতে মংগলবাৰে নিশা ওদালগুৰি আৰক্ষীয়ে পিষ্টল সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা যুৱক জনৰ নাম চাঞ্চুমা ব্ৰহ্ম বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, যোৱা সোমবাৰে নিশা ওদালগুৰিৰ ৰঙাগড়াত এক ৰহস্যজনক ডকাইতি কাণ্ড সংঘটিত হৈছিল।উক্ত ঘটনাৰ পিছত মংগল বাৰে নিশা আৰক্ষীয়ে অভিযান চলোৱাত ৰঙাগড়াৰ নিকটৱৰ্তী শিমলুগুৰি গাওঁৰ পৰা যুৱকজনক এটা ৭.৬৫ পিষ্টল, দুই জাই সজীৱ গুলীসহ আটক কৰে। কিন্তু ডকাইতি কাণ্ডৰ সৈতে যুৱক জন জড়িত হয় নে নহয় সন্দৰ্ভত বাতৰি যুগুতোৱালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই ওদালগুৰি আৰক্ষীয়ে।