অসম

ওদালগুৰিত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ৰাইজৰ সহাৰি, একাংশ অসচেতন লোকে ফুটালে ফটকা

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লকডাউনৰ মাজতে দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে সমগ্ৰ দেশজুৰি ঘোষণা কৰা নিস্প্ৰদীপ কাৰ্যসূচীৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াই ওদালগুৰি চহৰৱাসীয়ে। নিশা ৯ বজাৰ লগে লগে সকলোৱে নিজ বাসগৃহৰ লাইট বন্ধ কৰি দি চাকি, মম অথবা মোবাইলৰ ফ্লাচলাইট জ্বলাই দিয়ে।

ইয়াৰ মাজতে একাংশ অসচেতন লোকে এই আহ্বান ক্ষেত্ৰত নিয়ম ভংগ কৰি ৰাজপথলৈ ওলাই আহি ফটকা ফুটোৱা পৰিলক্ষিত হয়। ইফালে একাংশ লোকে নিৰ্দিষ্ট ৯ মিণিট অতিক্ৰম কৰাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বহু দেৰিলৈ নিজ নিজ বাসগৃহৰ লাইট বন্ধ কৰি চাকি মম জ্বলাই দেশৰ মংগলৰ বাবে কামনা কৰে।