অসম

ওদালগুৰিৰ পানেৰীত বন্যহস্তীৰ আক্ৰমণত কৃষকৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ ৰাজ্যত বৃদ্ধি হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাক খেদিবলৈ গৈ বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাৰ ছাগলীঝাৰত হাতীৰ আক্ৰমনত উত্তম ৰাভা নামৰ এজন লোকৰ মৃত্যু ঘটে৷

জানিব পৰা মতে, জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভুটিয়াচাং চাহ বাগিছাৰ নিকটৱৰ্তী ২নং ছাগলীঝাৰৰ নতুনবস্তি চুবাত নিশা প্ৰায় ৮.৩০ মান বজাত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকৰ তিনিটা হাতীয়ে ধাননি পথাৰত সোমাই ধান খাই তহিলং কৰি থকাৰ সময়তে গঞা ৰাইজৰ লগত একে লগে হাতী খেদিবলৈ উত্তম ৰাভা নামৰ লোকজনো ওলাই আহে৷

সেই সময়তে উত্তম ৰাভাক বন্যহস্তী জাকৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হয়। আহত উত্তম ৰাভাক নিশাই ততাতৈয়াকৈ পানেৰী উপস্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও দুটি সন্তানৰ পিতৃ উত্তম ৰাভাৰ মৃত্যু ঘটে ৷

উল্লেখ্য যে উক্ত অঞ্চলত বন্যহস্তীৰ জাকে দীৰ্ঘদিনৰে পৰা জনাঞ্চলত প্ৰবেশ কৰি খেতি পথাৰৰ লগতে বাসগৃহৰো ক্ষতি সাধন কৰি আহিছে৷ এই সন্দৰ্ভত বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে ৰাইজে।